NORTHEAST NOW (Assamese)
অসম

আহি আছে ‘কৃষ-৪’; মূল ভূমিকাত থাকিব হৃতিক ৰোশনেই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 15, 2019 11:33 am
hrithik

আকৌ নিৰ্মাণ হ’ব কৃষ। এইবাৰো মূল ভূমিকাত অভিনয় কৰিব হৃতিক ৰোশনেই। অভিনেতাগৰাকীয়ে তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এনে এক ইংগিতেই দাঙি ধৰিছে।

হৃতিকে পিতৃ ৰাকেশ ৰোশনৰ সৈতে এখন ছবিও পোষ্ট কৰিছে। অৱশ্যে, ছবিখন এইবাৰ ৰাকেশ ৰোশনে পৰিচালনা নকৰিবও পাৰে। তেওঁৰ পৰিৱৰ্তে ছবিখন সঞ্জয় গুপ্তাই পৰিচালনা কৰাৰ সম্ভাৱনা আছে।

হৃতিকে জানিবলৈ দিয়ে যে পিতৃ ৰাকেশ ৰোশন দ্ৰুতভাৱে আৰোগ্য হৈ উঠিছে যদিও শেষ মুহূৰ্তত হয়তো পৰিচালক সলনি হ’ব পাৰে।

উল্লেখযোগ্য যে ৰাকেশ ৰোশনৰ অসুস্থতাৰ বাবেই ‘কৃষ-৪’ৰ কাম পিছুৱাই গৈছিল। প্ৰায় এমাহ পূৰ্বে ৰাকেশ ৰোশনৰ কেন্সাৰ ধৰা পৰিছিল। তাৰ পাছৰে পৰাই চিকিৎসকৰ পৰামৰ্শ মতে চলিবলগীয়া হৈছে ৰাকেশ ৰোশন।

krrish-4-soon-hrithik-roshan-759 9
পিতৃ ৰাকেশ ৰোশনৰ সৈতে হৃতিক ৰোশন। ফটো : ইনষ্টাগ্ৰাম

বৰ্তমান ৰাকেশ ৰোশনে চিকিৎসকৰ পৰামৰ্শত অতি সাৱধানেৰে চলিবলগীয়া হৈছে। সম্ভৱত: সেই কাৰণেই এইবাৰ পৰিচালক হিচাপে দেখা পোৱা নাযাব ৰাকেশ ৰোশনক। তেওঁৰ ঠাইত হয়তো সঞ্জয় গুপ্তাই পৰিচলনা কৰিব ছবিখন।

‘কৃষ-৪’ ছবিখন সম্পূৰ্ণ কৰি তুলিবৰ বাবে প্ৰযোজক সাজু হৈ আছে। ছবিখনৰ নিৰ্মাণত ২৫০ কোটি টকা খৰচ হ’ব বুলি জানিব পৰা গৈছে। ছবিখন সদ্যহতে প্ৰি-প্ৰডাকশ্যন পৰ্যায়তে আছে।

সকলো ঠিকে-ঠাকে থাকিলে ছবিখন ২০২০’ত মুক্তি পোৱাটো খাটাং। তাৰিখ অৱশ্যে এতিয়াও ঠিক হোৱা নাই।

ছবিখনৰ নায়িকাৰ ভূমিকাত কোনে অভিনয় কৰিব সেয়া জানিব পৰা হোৱা নাই। কংগনা ছবিখনত নাথাকিব সেয়া নিশ্চিত। তদুপৰি, বিয়াৰ পাছত দেশৰ বাহিৰত থকা প্ৰিয়ংকা চোপ্ৰাৰো সম্ভাৱনা নাই। সেয়েহে নতুন নায়িকা কোন হ’ব তাক লৈ কৌতুহল এটা থাকি গৈছে।

কেইদিনমান পূৰ্বে ‘ছুপাৰ-৩০’ ছবিৰ বাবে দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল হৃতিকে। ‘ৱাৰ’ ছবিতো তেওঁৰ অভিনয় ভাল হোৱা বুলি চৰ্চা চলিছে। ‘কৃষ’ৰ প্ৰথম তিনিখন সকলোৱে ভাল পাইছিল, এতিয়া পৰৱৰ্তী ‘কৃষ-৪’য়ে কেনেদৰে দৰ্শকক আকৰ্ষণ কৰে সেয়া লক্ষ্যণীয় হ’ব।