NORTHEAST NOW (Assamese)
অসম

অভিনৱ উদ্ভাৱণ! চাউলৰ দানাতকৈও সৰু পেচমেকাৰ প্ৰস্তুত কৰি উলিয়ালে বিজ্ঞানীসকলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 5, 2025 1:58 pm
অভিনৱ উদ্ভাৱণ! চাউলৰ দানাতকৈও সৰু পেচমেকাৰ প্ৰস্তুত কৰি উলিয়ালে বিজ্ঞানীসকলে

আমেৰিকাৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে চাউলৰ দানাতকৈও সৰু পেচমেকাৰ উদ্ভাৱণ কৰিছে। এইটো মাত্ৰ ৩.৫ মিলিমিটাৰ দীঘল, ১.৮ মিলিমিটাৰ বহল আৰু প্ৰায় ১ মিলিমিটাৰ ডাঠ।

বিজ্ঞানীসকলে দাবী কৰিছে যে এই পেচমেকাৰটো আকাৰত সৰু হ’লেও বৰ্তমান ব্যৱহৃত পেচমেকাৰৰ দৰেই কাম কৰিব পাৰে।

বিজ্ঞানীসকলে কয় যে ইয়াক প্ৰথমে জন্মগত হৃদৰোগ থকা শিশুৰ বাবে ডিজাইন কৰা হৈছিল। গৱেষক জন এ ৰজাৰ্ছে কয়, “আমাৰ জানিব পৰা মতে এইটো পৃথিৱীৰ আটাইতকৈ সৰু পেচমেকাৰ। শিশুৰ হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰত ইয়াক সহজে ব্যৱহাৰ কৰিব পৰা যায়, য’ত অস্থায়ী পেচমেকাৰৰ প্ৰয়োজন হয়।”

বৰ্তমান ব্যৱহৃত বৃহৎ পেচমেকাৰবোৰ শৰীৰত স্থাপন কৰিবলৈ অস্ত্ৰোপচাৰৰ দ্বাৰা হৃদযন্ত্ৰৰ পেশীত ইলেক্ট্ৰ’ড চিলাইৰ কৰিবলগীয়া হয়। আৰু প্ৰয়োজন শেষ হ’লে পুনৰ আঁতৰাই পেলাব লাগে, যাৰ ফলত বহুসময়ত প্ৰায়ে ক্ষতি হয়। কিন্তু এই নতুন সৰু পেচমেকাৰটোত ইয়াৰ প্ৰয়োজন নাই—ব্যৱহাৰৰ পিছত ই নিজে শৰীৰৰ ভিতৰত দ্ৰৱীভূত হৈ যাব।

কাৰ্ডিঅ’লজিষ্ট ইগ’ৰ য়েফিমভে কয়, “প্ৰায় ১ শতাংশ শিশু জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত হয়। ইয়াৰে বহুতকে অস্থায়ী পেচমেকাৰৰ প্ৰয়োজন হয়। এই সৰু পেচমেকাৰ ব্যৱহাৰ কৰিলে আৰু অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব।”

জানিব পৰা গৈছে যে এই পেচমেকাৰটোৰ লগত এটা গেলভানিক চেল সংলগ্ন হৈ থাকে, যিটো চাৰিওফালৰ জৈৱিক তৰল পদাৰ্থৰ সংস্পৰ্শলৈ আহিলেই সক্ৰিয় হৈ পৰে। ইয়াৰ পিছত ইলেক্ট্ৰ’ড বেটাৰীত পৰিণত হৈ ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে হৃদযন্ত্ৰলৈ প্ৰয়োজনীয় বৈদ্যুতিক প্ৰবাহ প্ৰদান কৰে। ইয়াৰ উপৰিও ইনফ্ৰাৰেড পোহৰ তৰংগ ব্যৱহাৰ কৰি ইয়াক সহজ আৰু নিৰাপদে শৰীৰত প্ৰতিস্থাপন কৰিব পাৰি।