ক’ৰ’ণাৰ মহাতংক: এইখন ৰাষ্ট্ৰত ঘোষণা কৰা হ’ল সম্পূৰ্ণ লকডাউন

ক’ৰ’ণাই এতিয়া ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন দেশত পুনৰ মহা সংহাৰৰ সৃষ্টি কৰিছে।
ভাৰতত আজিৰ দিনটোত প্ৰায় ৯০ হাজাৰ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।
ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো আৰম্ভ হৈছে ক’ৰ’ণাৰ দ্বিতীয়টো ঢৌ।ব্ৰিটেইনত ধৰা পৰা ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনে বাংলাদেশত বহু লোকৰ প্ৰাণ কাঢ়ি নিছে।
প্ৰতিদিনে দেশ খনত ক’ৰ’ণাত আক্ৰান্ত লোকৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাই গৈ আছে।
এনে পৰিস্থিতিত বাংলাদেশৰ চৰকাৰে দেশ খনৰ সকলো বিদ্যালয় ৩০ মাৰ্চৰ পৰা খোলাৰ সিদ্ধান্ত লৈয়ো পুনৰ সেই সিদ্ধান্ত বাতিল কৰিবলগীয়া হৈছে।
পিছুৱাই দিয়া হৈছে দেশ খনত অনুষ্ঠিত হ’বলগীয়া সকলো নিৰ্বাচন। ইমানৰ পিছতো ক’ৰ’ণাৰ হাতোৰাৰ পৰা মুক্তি পোৱা নাই দেশ খনে।
এনে পৰিস্থিতিত বাধ্যত পৰি বাংলাদেশৰ চৰকাৰে আজি পুনৰ দেশ খনত সম্পূৰ্ণ লক ডাউন ঘোষণা কৰাৰ সিদ্ধান্ত লয়।
সেইমৰ্মে অহা ৫ এপ্ৰিলৰ পৰা সাত দিন লৈ দেশ খনত পালন কৰা হ’ব সম্পূৰ্ণ লকডাউন।
যদি ইমানৰ পিছতো পৰিস্থিতিৰ উন্নতি নঘটে তেন্তে লক ডাউনক সময় আৰু বৃদ্ধি কৰাৰ সম্ভাৱনা থকা বুলি বাংলাদেশ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।