NORTHEAST NOW (Assamese)
অসম

শীঘ্ৰেই সকলো স্মাৰ্টফোনত ব্যৱহাৰ হ’ব টাইপ-চি চাৰ্জাৰ, জনালে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 17, 2022 5:59 pm

দেশৰ মোবাইল ফোন ব্যৱহাৰকাৰীসকলে শীঘ্ৰেই সকলো স্মাৰ্টফোনত ব্যৱহাৰ কৰিব লাগিব টাইপ-চি চাৰ্জাৰ। তেনে ঘোষণাই কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি ইতিমধ্যে গ্ৰহণ কৰা হৈছে। চৰকাৰৰ সিদ্ধান্ত অনুসৰি সকলো স্মাৰ্টফোনতে ব্যৱহাৰ হ’ব কেৱল টাইপ-চি চাৰ্জিং পোৰ্ট।

কেন্দ্ৰীয় উপভোক্তা সচিব ৰোহিত কুমাৰ সিঙে প্ৰকাশ কৰা মতে ভাৰততো ইউনিভাৰ্চেল কমন চাৰ্জাৰৰ নিয়ম প্ৰযোজ্য কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই ব্যৱস্থাই বৃহৎ পৰিমাণৰ ই-আৱৰ্জনা হ্ৰাস কৰাতো সহায় কৰিব বুলি তেওঁ কয়।
সিঙে কয় যে প্ৰতিটো ফোনৰ বাবে কোনো পৃথক চাৰ্জাৰ নাথাকিব।

ভাৰতৰ সকলো স্মাৰ্ট ফোনত এটা ইউএছবি টাইপ চি চাৰ্জিং পোৰ্ট থাকিব লাগিব। এই বিষয়ত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰালয়ৰ টাস্ক ফ’ৰ্চৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

তেওঁ লগতে কয় যে আনহাতে কম ব্যয়ৰ ফোনৰ বাবে এটা পৃথক ‘ষ্টেণ্ডাৰ্ড’ চাৰ্জাৰ থাকিব। উল্লেখ্য ইউৰোপীয় ইউনিয়নে এই সন্দৰ্ভত এখন আইন গৃহীত কৰিছে। এই আইন খনে ইউৰোপীয় ইউনিয়নত বিক্ৰী হোৱা সকলো স্মাৰ্টফোনত ইউএছবি-চি পোৰ্ট চাৰ্জাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে।