NORTHEAST NOW (Assamese)
Popular Stories

ন্যায়ালয়ৰ আশ্ৰয় নোলোৱাকৈ বিবাহ বিচ্ছেদৰ আহ্বান কৰিব পাৰিব মুছলমান বিবাহিত মহিলাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2021 2:28 pm
index

এক ঐতিহাসিক ৰায় প্ৰদান কৰিছে কেৰলাৰ উচ্চ ন্যায়ালয়ে।

পাঁচ দশকৰ পূৰ্বে অৰ্থাৎ ১৯৭২ চনত প্ৰদান কৰা এক ৰায়ক প্ৰত্যাহাৰ কৰিছে কেৰলা উচ্চ ন্যায়ালয়ে।

উল্লেখ্য ১৯৭২ চনৰ এক ৰায় অনুসৰি মুছলমান বিবাহিত মহিলাই সামাজিক বিধি বা ন্যায়িক বৰ্হিভূত পদ্ধতিৰে বিবাহ বিচ্ছেদ কৰাত ন্যায়িক প্ৰতিবন্ধকতা আছিল।

কেৰলাৰ উচ্চ ন্যায়ালয়ৰ এক বিচাৰপীঠে পাঁচ দশকৰ এই ৰায় প্ৰত্যাহাৰ কৰি এতিয়াৰে পৰা মুছলমান মহিলাসকলে সামাজিকভাৱে অৰ্থাৎ ন্যায়িক পদ্ধতিৰ আশ্ৰয় নোলোৱাকৈয়ে বিবাহ বিচ্ছেদ কৰিব পাৰিব বুলি ৰায় প্ৰদান কৰিছে।

পবিত্ৰ কোৰাণে পুৰুষ আৰু মহিলা দুয়োৰে বাবে বিবাহ বিচ্ছেদৰ অধিকাৰক সমানে স্বীকৃতি দিয়ে বুলি উল্লেখ কৰি বিচাৰপীঠে এই মন্তব্য কৰিছে।

কেৰলাৰ উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠখনে কেৰলাৰ ‘কেচি ময়িন বনাম নাফিচা আৰু অন্যান্য’ গোচৰৰ মুছলমান মহিলাসকলৰ ন্যায়িক বৰ্হিভূত বিবাহ বিচ্ছেদৰ অধিকাৰ খৰ্ব কৰা ‘মুছলমান বিবাহ বিচ্ছেদ আইন, ১৯৩৯’ক অস্বীকাৰ কৰিছে।

এই ৰায় প্ৰদান কৰাৰ সময়ত ন্যায়াধীশ এ মুহামেদ মুস্তাক আৰু চিএছ দিয়াছৰ খণ্ড বিচাৰপীঠে ইছলামিক আইনৰ অধীনত স্বীকৃত আৰু পত্নীৰ ভূমিকা সম্পৰ্কীয় শ্বৰিয়াত আইনৰ অধীনত সুৰক্ষিত বিবাহ ভংগৰ চাৰিটা মুখ্য প্ৰকাৰ বিশ্লেষণ কৰিছিল।