NORTHEAST NOW (Assamese)
Popular Stories

অসম সন্তান ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ বিশ্ব ক্ৰিকেটৰ এজন প্ৰাক্তন তাৰকা, কোন?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2021 3:22 pm
অসম সন্তান ৰিয়ান পৰাগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল বিশ্ববিশ্ৰুত তাৰকা কুমাৰ ছাংগাক্কাৰা।
শ্ৰীলংকাৰ প্ৰাক্তন তাৰকাজনে ৰিয়ানক এজন বিশেষ প্ৰতিভাধৰ খেলুৱৈ হিচাপে অভিহিত কৰে।ৰিয়ানে ৰাজস্থান ৰয়েলছৰ হৈ আইপিএলত এজন অলৰাউণ্ডাৰ হিচাপে যোৱা বছৰৰ পৰা আত্মপ্ৰকাশ কৰিছে।

সোমবাৰে দলটোৱে চলিত চিজনৰ প্ৰথম মেচখনত পঞ্জাৱ কিংছৰ হাতত পৰাস্ত হ’লেও বেটে বলে ৰিয়ানে সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়।

মেচখনত ২২২ ৰাণৰ কঠিন লক্ষ্য অতিক্ৰম কৰিবলৈ গৈ ৰাজস্থান ৰয়েলছে অধিনায়ক সঞ্জু চেমচনৰ অনবদ্য শতকীয় ইনিংছেৰে সন্তোষজনক স্থিতিত উপনীত হৈছিল।

সঞ্জু চেমচনক মিডল অৰ্ডাৰত যোগ্য সহযোগিতা আগবঢ়াই ৰিয়ান পৰাগে ১১ টা বলত ২৫ ৰাণ কৰে।

ৰিয়ানে এই ইনিংছটোত কোবাই তিনিটাকৈ বিশাল ছয়।

ছেমছনৰ স’তে ৰিয়ানে গঢ়ি তোলে ৫২ ৰাণৰ যুটি।

কিন্তু পাঞ্জাৱ কিংছৰ ফাষ্ট বলাৰ মহম্মদ ছামীৰ বলত ৰিয়ান পৰাগ আউট হোৱাৰ বাবেই ৰাজস্থান ৰয়েলছ মাত্ৰ চাৰি ৰাণৰ ব্যৱধানত পৰাস্ত হয়।

দলক বিজয় লক্ষ্যত উপনীত কৰিব নোৱাৰি ৰিয়ানে হতাশ হৈ টুইটাৰত লিখে- আই এম ছিট (I’m shit)।

টুইটটো দেখাৰ পাছতে অনুৰাগীসকলে তেওঁক সান্ত্বনা দিয়ে।

যেতিয়া টুইটটো ভাইৰেল হৈ পৰে, ততালিকে ৰিয়ানে টুইটটো ডিলিট কৰি দিয়ে।

বেটিঙৰ উপৰিও ৰিয়ানে মেচখনত এক অভাৰ বলিং কৰি সাত ৰাণৰ বিনিময়ত এটা বিশেষ উইকেটো লাভ কৰে।

‘ইউনিভাৰ্চেল বছ’খ্যাত ক্ৰিছ গেইলে ২৮ টা বলত ৪০ ৰাণ কৰি থকা অৱস্থাত ৰিয়ান পৰাগৰ চিকাৰ হয়।

ইনিংছৰ নৱম অভাৰটোত ৰিয়ানে ক্ৰিছ গেইলক ‘আণ্ডাৰ আৰ্ম’ বল কৰি ‘বিহু’ দেখুৱাই দিয়ে।

উক্ত বলটো বৰ্তমান চৰ্চিত হৈ পৰিছে।

ৰিয়ানৰ এই সুন্দৰ প্ৰদৰ্শনত অভিভূত হৈ পৰিছে ৰাজস্থান ৰয়েলছৰ ক্ৰিকেট সঞ্চালকৰ দায়িত্বত থকা প্ৰাক্তন তাৰকা কুমাৰ ছাংগাক্কাৰা।

”আপুনি দেখাৰ দৰেই ৰিয়ান এজন বিশেষ খেলুৱৈ।” ছাংগাক্কাৰাই কয়- ”প্ৰত্যাহ্বান আৰু পুৰস্কাৰ, মই সেইধৰণৰ স্বাধিনতাৰে ৰিয়ানে খেলা দেখি ভাল পাইছো।”যেতিয়া আপুনি স্বাধীনভাৱে খেলিব, কেতিয়াবা উইকেট হেৰুৱাব লগা হয়।”- ছাংগাক্কাৰাই কয়।

ৰিয়ান উপৰিও ছাংগাক্কাৰাই দলটোৰ নৱাগত ফাষ্ট বলাৰ চেতন ছাকাৰিয়াকো উচ্চ প্ৰশংসা কৰে।

ছাকাৰিয়াই মেচকনত ৩১ ৰাণৰ বিনিময়ত তিনিটাকৈ উইকেট দখল কৰে।