NORTHEAST NOW (Assamese)
Popular Stories

আজৱ! ভূমিকম্পত অচল হৈ পৰা এটা এশ বছৰীয়া ঘড়ী, পুনৰ চলিল আন এটা ভূমিকম্পত, ক’ত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 15, 2021 3:57 pm

এটা এশ বছৰীয়া ঘড়ী।

কালিকা লগা বুলিলেও ভুল নহ’ব।

এটা বৃহৎ ভূমিকম্পত ঘড়ীটোৰ কাঁটাকেইডালৰ চলাচল বন্ধ হৈ পৰিছিল।

দহ বছৰৰ পাছত পুনৰ এটা ভূমিকম্প সংঘটিত হয়।

দৈৱিক ঘটনাৰ দৰেই পুনৰ ঘড়ীটোৰ কাঁটাকেইডাল চলি উঠে।

জাপানত সংঘটিত হৈছে এই অবিশ্বাস্য ঘটনাটো।

দেশখনৰ য়ামাম’টো নামৰ ঠাইখনৰ ফুমন্জী নামৰ এটা বৌদ্ধ মন্দিৰত স্থাপিত ‘ছেইক’ নামৰ কোম্পানীটোৰ ঘড়ীটোৱে ১০০ বছৰ ধৰি সময় নিৰ্ণয় কৰি আছিল।

২০১১ চনত হোৱা এটা ভয়ংকৰ ভূমিকম্পত ঘড়ীটো বন্ধ হৈ যায়।

উল্লেখযোগ্য যে সেই বৰ্ষৰ মাৰ্চত জাপানৰ উত্তৰ পূৰ্বাঞ্চলৰ উপকূলত সংঘটিত হোৱা ভূমিকম্প-ছুনামীয়ে ১৮ হেজাৰৰো অধিক লোকৰ প্ৰাণ হৰি নিছিল।

ভূমিকম্প-ছুনামীৰ ফলত অঞ্চলটো পানীত ডুবি যায়, যাৰ ফলত ঘড়ীটোও বন্ধ হৈ যায়।

মন্দিৰটোৰ বুনছুন ছাকান’ (Bunsun Sakano) নামৰ ৫৮ বছৰীয়া পূজাৰী তথা ঘড়ীটোৰ গৰাকীজনে ঘড়ীটো মেৰামতি কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু কোনো সফলতা লাভ নকৰিলে।

দহ বছৰৰ পাছত ২০২১ চনৰ ১৩ ফেব্ৰুৱাৰী মাহত পুনৰ উক্ত অঞ্চলটোত এটা ভূমিকম্প হয়।

ভূমিকম্পৰ পাছদিনা পুৱা বুনছুন ছাকান’ই দেখা পায় যে ঘড়ীটোৰ কাটাকেইডাল নিজে নিজে চলিব ধৰিছে- টিক টিক টিক….!

যেন দৈৱিক ঘটনাহে!

ঘড়ীটো পুনৰ চলি উঠাত মন্দিৰটোৰ পূজাৰী বুনছুন ছাকান’ই উৎসাহিত হৈ পৰিছে আৰু ইয়াক মংগলসূচক হিচাপে অভিহিত কৰিছে।