NORTHEAST NOW (Assamese)
অসম

বৰপেটাত ঠিকাভিত্তিক টেট শিক্ষকৰ আত্মহত্যাক লৈ চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2019 7:29 am
TET teacher

বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহৰিত ধৰ্মেন্দ্ৰ মেধি(২৯)নামৰ এগৰাকী টেট শিক্ষকে শুকুৰবাৰে আত্মহত্যা কৰাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৯২৫ নম্বৰ মালিপাৰা প্ৰাথমিক বিদ্যালয়ত ঠিকাভিত্তিক টেট শিক্ষক হিচাপে কৰ্মৰত আছিল বহৰিৰ কলিতা পাৰাৰ গিৰিন্দ্ৰ মেধিৰ পুত্ৰ ধৰ্মেন্দ্ৰ মেধি।

আত্মহত্যাৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও পৰিয়ালৰ লোকে টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ নোহোৱা বাবে হাতাশাত ভুগি শিক্ষকগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাচি লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

আনহাতে, ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

সমগ্ৰ ৰাজ্যত ঠিকাভিত্তিক কৰ্মৰত টেট শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিবাদ চলি থকাৰ সময়তে এগৰাকী টেট শিক্ষকৰ আত্মহত্যাই তাৎপৰ্য্য বহন কৰিছে।