NORTHEAST NOW (Assamese)
অসম

পিষ্টল আৰু গুলীৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে যুৱকক

Posted by: ময়ূখ গোস্বামী Updated by: ময়ূখ গোস্বামী September 14, 2019 7:25 am
1-10-1140x570

দৰং আৰক্ষী আৰু সেনাৰ ১৪ গাৰোৱাল ৰাইফলছৰ জোৱানৰ এক যুটীয়া অভিযানত শুকুৰবাৰে এখন যাত্ৰীবাহী বাছৰ পৰা এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়।

অভিযানকাৰী দলটোৱে যুৱকজনৰ জিম্মাৰ পৰা এটা পিষ্টল আৰু পোন্ধৰ জাই সজীৱ গুলী জব্দ কৰে।

পুৱা প্ৰায় ১১ বজাত আৰক্ষী তথা সেনাই বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ অভিমুখে আহি থকা সকলোবোৰ যাত্ৰীবাহী বাছত তালাচী চলায়।

প্ৰায় এঘন্টা ধৰি অভিযান চলি থকাৰ পাছতে অভিযানকাৰী দলটোৱে কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত জাৰপাৰা মাৰগোন্দা গাঁৱৰ ছফিকুল ইছলাম নামৰ এজন যুৱকক পিষ্টল আৰু গুলীখিনিৰে সৈতে আটক কৰে।

অভিযুক্ত যুৱকজনক আৰক্ষীয়ে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে।

শেহতীয়াকৈ ৰাজ্যখনত বৃদ্ধি পোৱা অপৰাধৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী বিভাগে ৰাজ্যখনৰ বিভিন্ন সন্দেহজনক স্থানত তালাচী অভিযান আৰম্ভ কৰিছে।