NORTHEAST NOW (Assamese)
অসম

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত স্থাপন কৰা হ’ব আৰু অধিক মেডিকেল কলেজ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 14, 2019 6:38 am
9-4-750x375

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আৰু অধিক মেডিকেল কলেজ স্থাপন কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে এই মেডিকেল কলেজ সমূহৰ মুঠ ব্যয়ৰ ৯০ শতাংশ ধন বহন কৰিব।

সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি অসমৰ স্বাস্থ্য বিভাগৰ এগৰাকী বিষয়াই এই কথা সদৰী কৰিছে।

‘’কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এক আঁচনিৰ অধীনত নতুন মেডিকেল কলেজসমূহ স্থাপন কৰা হ’ব,’’- বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

‘’সমূদায় ব্যয়ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য চৰকাৰসমূহে ইয়াৰ ১০ শতাংশ ধন ব্যয় কৰিব,’’-বিষয়াগৰাকীয়ে লগতে কয়।

বিষয়াগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে আন ৰাজ্যবোৰত যিবোৰ নতুন মেডিকেল কলেজ স্থাপন কৰা হ’ব তাত কেন্দ্ৰই মুঠ ব্যয়ৰ ৬০ শতাংশ ধন বহন কৰিব।

‘’বৰ্তমান আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবোৰ ৰাজ্যই নিকট ভৱিষ্যতে মেডিকেল কলেজ লাভ কৰিব,’’-বিষয়াগৰাকীয়ে জনায়।

বৰ্তমান অসমত গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ. যোৰহাট, তেজপুৰ আৰু বৰপেটাকে ধৰি মুঠ ছয়খন মেডিকেল কলেজ আছে।

তদুপৰি, বৰ্তমান ধুবুৰী, লখিমপুৰ, নগাঁও আৰু ডিফুত মেডিকেল কলেজ নিৰ্মাণৰ কাম চলি আছে আৰু ইয়াৰ কামকাজ ২০২০-২১ বৰ্ষৰ পৰা আৰম্ভ হ’ব।