NORTHEAST NOW (Assamese)
অসম

গুজৰাটত প্ৰথম পৰ্যায়ৰ বিধানসভাৰ নিৰ্বাচনৰ ৩৬৩ খন মনোনয়ন নাকচ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 17, 2022 7:36 pm

গুজৰাটত ১ আৰু ৫ ডিচেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ পিছতে ৮ ডিচেম্বৰত অনুষ্ঠিত হ’ব ভোটগণনা। ৰাজ্য খনৰ ১৮২ খন আসনৰ ভিতৰত ৮৯ খনত ১ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।

নিৰ্বাচন আয়োগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মুঠ ১,৩৬২ খন মনোনয়ন দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত ৩৬৩ খন মনোনয়ন বাতিল হৈছে।

সূত্ৰটোৱে প্ৰকাশ কৰা মতে গুজৰাটৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুঠ ৯৯৯ জন প্ৰাৰ্থীয়ে ৮৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।৯৩ খন আসনৰ বাবে ৫ ডিচেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব ।

প্ৰথম পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিল ৯ ৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত হৈছিল। দ্বিতীয় পৰ্যায়ৰ বাবে মনোনয়ন ১০ নৱেম্বৰত আৰম্ভ হৈছিল।

এয়া ১৭ নৱেম্বৰলৈকে অব্যাহত থাকিব। বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ।