NORTHEAST NOW (Assamese)
অসম

ডকাইতক তিনিদিনৰ যোৰহাট আৰক্ষীৰ জিম্মালৈ, আৰক্ষীক জে’ললৈ পঠিয়ালে আদালতে

Posted by: স্মিতা ভট্টাচাৰ্য May 3, 2018 12:14 pm
polices_arrested_-678x381

যোৰহাটৰ এখন নিম্ন আদালতে বুধবাৰে দুৰ্ধৰ্ষ ডকাইত বাবুল লাহন, মিঠু বৰা আৰু মনোজ দত্তক তিনিদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে। লাহন আৰু বৰাক সোমবাৰে নিশা ডিব্ৰুগড় জিলাত সেনাই আটক কৰিছিল আৰু দত্তক আৰক্ষীয়ে যোৰহাটত গ্ৰেপ্তাৰ কৰিছিল।

এটা গোচৰ পঞ্জীয়ন কৰি তিনিওজনকে ভাৰতীয় দণ্ডবিধিৰ ১২০ বি, ৩৯৯ আৰু ৪০০ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক লগতে অস্ত্ৰ আইনৰ (আৰ্মছ এক্ট)ৰ ২৫ নং ধাৰাৰ অধীনতো আটক কৰা হৈছে।

আনহাতে, বাবুল লাহন আৰু মিঠু বৰাক নিজৰ গাড়ী ব্যৱহাৰ কৰিবলৈ দিয়াৰ অভিযোগত সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰা আৰক্ষী কনিষ্টবল প্ৰদীপ শইকীয়াক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

যোৰহাট যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি চুতীয়াই এক অভিযানৰ সময়ত সোমবাৰে নিশা ভোগদৈ আৰক্ষী চকীৰ অন্তৰ্গত ছটাইত জোপহাৰ মাজত লুকাই থোৱা এটা বেগ উদ্ধাৰ কৰিছিল।

বেগখনত এ কে ৪৭ ৰাইফলৰ ১৫ ৰাউণ্ড গুলী-বাৰুদ, এটা এ কে ৫৬ ৰাইফলৰ মেগাজিন, এটা এছ বি বি এল বন্দুক আৰু দুটা এছ বি বি এলৰ সজীৱ গুলী পোৱা গৈছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মনোজ দত্তই স্বীকাৰ কৰিছিল যে সোমবাৰে নিশা সেনাই আটক কৰা আৰু মঙলবাৰে যোৰহাটলৈ অনা লাহন আৰু বৰাই তেওঁক বেগটো দিছিল আৰু আৰু তেওঁ বেগত সেইদৰে লুকুৱাই ৰাখিছিল।

গৌৰৱ চুতীয়াই কয় যে লাহন আৰু মনোজ দুয়োটাই অস্ত্ৰ থকা বেগটোৰ গৰাকী হিচাপে ইজনে সিজনক আঙুলিয়াই দিছিল।