NORTHEAST NOW (Assamese)
অসম

সন্ত্ৰাসবাদীক বিত্তৰ যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনক: অমিত শ্বাহ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 18, 2022 7:13 pm

সন্ত্ৰাসবাদীক বিত্তীয় যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনক। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে কয় যে সন্ত্ৰাসবাদৰ ভাবুকি কোনো ধৰ্ম, ৰাষ্ট্ৰীয়তা বা গোটৰ সৈতে সম্পৰ্কিত হ’ব নোৱাৰে আৰু সেয়া কোনেও কৰিবও নোৱাৰে । তৃতীয় ‘সন্ত্ৰাসবাদ বিৰোধী’ সন্মিলনত ভাষণ দি তেওঁ কয় যে সন্ত্ৰাসবাদ নিঃসন্দেহে বিশ্বৰ শান্তি আৰু নিৰাপত্তাৰ বাবে আটাইতকৈ গুৰুতৰ ভাবুকি । সন্ত্ৰাসবাদৰ বাবে বিত্তৰ যোগান “অধিক বিপজ্জনক”। সন্ত্ৰাসবাদীসকলে নিৰন্তৰ হিংসা সংঘটিত কৰা, যুৱক-যুৱতীসকলক মৌলবাদী আদৰ্শৰে পৰিচালনা কৰা আৰু বিত্তীয় যোগান বৃদ্ধি কৰাৰ নতুন উপায় বিচাৰি আছে। ডাৰ্কনেটটো সন্ত্ৰাসবাদীসকলে মৌলবাদী বিষবাস্প বিয়পাবলৈ চেষ্টা কৰি আছে বুলি শ্বাহে মন্তব্য কৰে।

তেওঁ কয়, ” ক্ৰিপ্টোকাৰেন্সীৰ দৰে ভাৰ্চুৱেল সম্পদৰ ব্যৱহাৰ বৃদ্ধি পাইছে।এই ডাৰ্কনেট কাৰ্যকলাপৰ আৰ্হিবোৰ বুজি লোৱাটো প্ৰয়োজনীয় কথা হৈ পৰিছে আৰু সেইবোৰৰ সমাধান বিচাৰি উলিওৱাৰ সময়ো আহি পৰিছে।” শ্বাহে কয় “মই বিশ্বাস কৰোঁ যে সন্ত্ৰাসবাদীক বিত্তীয় যোগান ধৰাটো সন্ত্ৰাসবাদতকৈ অধিক বিপজ্জনক। কিয়নো সন্ত্ৰাসবাদ এনে ধৰণৰ পুঁজিৰ দ্বাৰা প্ৰতিপালিত হয়। সন্ত্ৰাসবাদীক বিত্তীয় যোগানৰ ফলত দেশসমূহৰ অৰ্থনীতি দুৰ্বল হৈ পৰে,”।

তেওঁ লগতে কয় যে আমি এইটোও স্বীকাৰ কৰোঁ যে সন্ত্ৰাসবাদৰ ভাবুকি কোনো ধৰ্ম, ৰাষ্ট্ৰীয়তা বা গোটৰ সৈতে সম্পৰ্কিত হ’ব নোৱাৰে আৰু তেনে কৰিবও নালাগে। ভাৰতে এই বিপদৰ বিৰুদ্ধে যুঁজিবলৈ নিৰাপত্তা শৈলীৰ লগতে আইনী আৰু বিত্তীয় ব্যৱস্থাক সুৰক্ষিত কৰি তুলিছে।তেওঁ কয় “এয়া আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফল। ভাৰতত সন্ত্ৰাসবাদী ঘটনাবোৰ যথেষ্ট হ্ৰাস পাইছে। ইয়াৰ ফলত সন্ত্ৰাসবাদৰ ফলত হোৱা অৰ্থনৈতিক লোকচানো যথেষ্ট হ্ৰাস পাইছে,”। পাকিস্তান আৰু চীনৰ প্ৰচ্ছন্ন আক্ৰমণ সন্দৰ্ভত গৃহমন্ত্ৰীয়ে কয় যে এনে কিছুমান দেশ আছে যিয়ে “সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ আমি যি সামূহিক সংকল্প লৈছো তাক দুৰ্বল কৰিব বা বাধা দিব বিচাৰে”।

“আমি দেখিছো যে কিছুমান দেশে সন্ত্ৰাসবাদীসকলক সুৰক্ষা আৰু আশ্ৰয় দিয়ে। এজন সন্ত্ৰাসবাদীক সুৰক্ষা দিয়াটো সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ সমান। এইটো আমাৰ সামূহিক দায়িত্ব হ’ব যে এনে উপাদানবোৰে যাতে কেতিয়াও তেওঁলোকৰ উদ্দেশ্যত সফলহ’ব নোৱাৰে সেয়া নিশ্চিত কৰা,” তেওঁ কয়। আফগানিস্তানৰ শাসন পৰিৱৰ্তনৰ কথা উল্লেখ কৰি গৃহমন্ত্ৰীয়ে কয় যে ২০২১ চনৰ আগষ্ট মাহৰ পিছত দক্ষিণ এছিয়া অঞ্চলৰ পৰিস্থিতি সলনি হৈছে আৰু আল-কায়েদা আৰু আইএছআইএছৰ বৰ্ধিত প্ৰভাৱ আঞ্চলিক নিৰাপত্তাৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হিচাপে চিহ্নিত হৈছে।” উল্লেখ্য সন্ত্ৰাসবাদ সম্পৰ্কীয় বৈঠকখন নতুন দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত হৈছে। দুদিনীয়া বৈঠকত ৭০ খনতকৈও অধিক দেশৰ ৪৫০ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।