জন এফ কেনেডীকে ধৰি ইতিহাসৰ তিনিটা বহু চৰ্চিত হত্যাকাণ্ডৰ নথি প্ৰকাশৰ নিৰ্দেশ দিলে ট্ৰাম্পে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দেশখনৰ ইতিহাসত আটাইতকৈ চৰ্চিত তিনিটা হত্যাকাণ্ডৰ সৈতে জড়িত গোপন নথি-পত্ৰ প্ৰকাশৰ পৰিকল্পনা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিছে। এই তথ্য শুকুৰবাৰে বিবিচিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে।
প্ৰতিবেদনত কোৱা হৈছে যে জন এফ কেনেডী, ৰবাৰ্ট এফ কেনেডি আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ হত্যাকাণ্ডৰ গোপন নথি-পত্ৰ প্ৰকাশৰ নিৰ্দেশ দিছে ট্ৰাম্পে। বিবিচিয়ে জনোৱা মতে, বৃহস্পতিবাৰে এই সন্দৰ্ভত কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে ট্ৰাম্পে।
কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰাৰ পিছত ট্ৰাম্পে হোৱাইট হাউছৰ অভাল অফিচত সাংবাদিকৰ আগত কয় যে, “বহুত মানুহে ইয়াৰ বাবে বহুদিন, বছৰ বছৰ আৰু দশক দশক ধৰি অপেক্ষা কৰি আহিছে, আৰু সকলো কথা প্ৰকাশ কৰ হ’ব।”
ট্ৰাম্পৰ এই নিৰ্দেশত প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ বাবে (ৰাষ্ট্ৰীয় চোৰাংচোৱাৰ সঞ্চালক, এটৰ্নী জেনেৰেল)কিছু নিৰ্দেশনা সন্নিবিষ্ট কৰা হৈছে। এই নিৰ্দেশনাত কোৱা হৈছে যে জন কেনেডি, ৰবাৰ্ট কেনেডি আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোপন নথি-পত্ৰ প্ৰকাশৰ বাবে ১৫ দিনৰ ভিতৰত পৰিকল্পনা দাখিল কৰিব লাগিব।
বৰ্তমান এই নথি-পত্ৰসমূহ জনসাধাৰণৰ বাবে মুকলি নহয়। ইয়াৰ উপৰিও বিষয়াসকলক আনৰ বাবেও একেধৰণৰ পৰিকল্পনা দাখিল কৰিবলৈ ৪৫ দিনৰ সময় দিয়া হৈছে।
বাতৰি অনুসৰি, ১৯৬৩ চনত ৩৫ সংখ্যক আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীক হত্যা কৰা হৈছিল, আৰু ১৯৬৮ চনত তেওঁৰ ভাতৃ ৰবাৰ্ট কেনেডী আৰু মাৰ্টিন লুথাৰ কিঙক হত্যা কৰা হৈছিল। ৰবাৰ্ট কেনেডী আছিল এজন চিনেটৰ আৰু মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আছিল আমেৰিকাৰ আটাইতকৈ বিখ্যাত নাগৰিক অধিকাৰ আন্দোলনৰ নেতা।