NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ ইতিহাসত প্ৰথম! জো বিডেনৰ ছিনিয়ৰ প্ৰেছ টীমৰ সকলো সদস্যই মহিলা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 1, 2020 7:23 am
WhatsApp-Image-2020-11-08-at-11.56.55-AM-750x375

আমেৰিকাৰ নতুন ৰাষ্ট্ৰপতি জো বিডেনে পুনৰ এক ইতিহাস গঢ়িলে। তেওঁ নিজৰ ছিনিয়ৰ প্ৰেছ টীমৰ সকলো পদতে মহিলাক নিয়োগ কৰিছে।

বিডেন প্ৰশাসনৰ দাবী যে এয়া আমেৰিকাৰ ইতিহাসত প্ৰথম।

বাতৰি অনুসৰি, এই টীমৰ নেতৃত্বত থাকিব প্ৰাক্তন কেম্পেইন কমিউনিকেশ্যন ডিৰেক্টৰ কেট বেডিংফিল্ড।

প্ৰেছ চেক্ৰেটাৰী হৈছে অ’বামা শাসনৰ সময়ত হোৱাইট হাউছৰ কমিউনিকেশ্যন ডিৰেক্টৰ হিচাপে দায়িত্ব পালন কৰা ইয়েন চকি।

ৰাষ্ট্ৰপতি পদত প্ৰাথমিক বিজয়ৰ পূৰ্বৰে পৰাই বিডেনে কৈ আহিছে যে তেওঁ প্ৰশাসনত থকা বৈষম্য দূৰ কৰিব।

প্ৰেছ টীম গঠনৰ পাছত দিয়া বিবৃতিত বিডেনে কয়,’’ হোৱাইট হাউছৰ প্ৰথম ছিনিয়ৰ প্ৰেছ টীমটোত সকলো মহিলাক অন্তৰ্ভুক্ত কৰি ঘোষণা কৰিব পাই মই গৌৰৱবোধ কৰিছো।‘’

বিডেনে ভাৱে, ‘’এনেকৈ দক্ষসকলক লৈ প্ৰশাসন গঢ়ি তুলিলে আমেৰিকা আকৌ আগবাঢ়ি যাব।‘

আমেৰিকাৰ নিৰ্বাচনৰ প্ৰাদেশিক পৰ্যায়ৰ ফলাফল এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই আৰু বহু কেইটা স্থানত ভোটগণনা চলি আছে। প্ৰদেশসমূহৰ ফলাফল নিৰ্দ্ধাৰণ হোৱাৰ পাছত অহা ১৪ ডিচেম্বৰত আমেৰিকাৰ ইলেক্ট্ৰ’ৰেল কলেজৰ বৈঠকত নিৰ্বাচনৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হ’ব।

ইয়াৰ পাছতে অহা ২০ জানুৱাৰিত পৰৱৰ্তী ৰাষ্ট্ৰপতি হিচাপে জো বিডেনৰ অভিষেক ঘটাৰ কথা।

সদ্য সমাপ্ত নিৰ্বাচনটো আমেৰিকাৰ ইতিহাসত ‘আটাইতকৈ সুৰক্ষিত’ নিৰ্বাচন হোৱা বুলি দাবী কৰিছে দেশখনৰ নিৰ্বাচনী বিষয়ববীয়াসকলে।