NORTHEAST NOW (Assamese)
অসম

মহানগৰীত দুৰ্বৃত্তৰ গুলীচালনা; হাস্পাতললৈ নিয়াৰ পথত মৃত্যু আহত পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2022 2:16 pm

মহানগৰীৰ পাঞ্জাবাৰীত আজি দুপৰীয়া সংঘটিত হোৱা এক গুলীচালনাৰ ঘটনাত  আহত ৰঞ্জিত বৰাৰ মৃত্যু ঘটিছে। জিএমচিএইচলৈ নিয়াৰ পথতে বৰাৰ মৃত্যু হয়।

পাঞ্জাবাৰীত দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছিল বৰা। পূৰৱী ডায়েৰীৰ বিতৰক আছিল নিহত ৰঞ্জিত বৰা।

বেংকত ধন জমা কৰিবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই বৰাক লক্ষ্য কৰি গুলীচালনা কৰিছিল। পাঞ্জাবাৰী পথৰ শিল্পগ্ৰামৰ সমীপত সংঘটিত হৈছিল ঘটনাতো।

লগতে পঢ়ক: নৃশংস প্ৰেম! দিল্লীৰ পিছত এইবাৰ উত্তৰ প্ৰদেশ; প্ৰাক্তন প্ৰেমিকাক হত্যা কৰি দেহ ৬ টুকুৰা কৰিলে যুৱকে

পূৰৱী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাৰ মূৰত গুলী লাগিছিল। দুৰ্বৃত্তই বৰাক গুলী কৰি তেওঁৰ লগত থকা ৫ লাখ টকা লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে দুৰ্বৃত্তৰ দলটোত তিনিজন লোক আছিল। ঘটনাটোৱে অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰে।