NORTHEAST NOW (Assamese)
অসম

ৰেডক্ৰছ সংস্থাৰ অসম ৰাজ্যিক শাখাৰ নতুন ৰাজ্যিক পৰিচালনা সমিতিৰ শপত গ্ৰহণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2022 6:03 pm
Red Cross Society

আজি ভাৰতীয় ৰেডক্ৰছ সংস্থা অসম ৰাজ্যিক শাখাৰ নতুন ৰাজ্যিক পৰিচালনা সমিতিৰ শপতবাক্য পাঠ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। মাছখোৱা কেদাৰ ৰোডস্থিত ৰেডক্ৰ’ছ ভৱনত এই অনুষ্ঠান অনুষ্ঠিত হয়।

কাৰ্যসূচীত অসম চৰকাৰৰ উচ্চপদস্থ বিষয়া তথা ভাৰতীয় ৰেডক্ৰছ সংস্থা, অসম ৰাজ্যিক শাখাৰ উপ-সভাপতি ডঃ সিদ্ধাৰ্থ সিঙৰ দ্বাৰা মনোনীত হৈ অসম চৰকাৰৰ শিক্ষা আৰু গৱেষণা বিভাগৰ সচিব ধ্ৰুৱজ্যোতি দাসদেৱে পৰিচালনা কমিটিৰ বিষয়ববীয়া তথা সদস্যসকলক শপত বাক্য পাঠ কৰোৱায়।

উল্লেখ্য যে ৰেডক্ৰছ অসম ৰাজ্যিক শাখাৰ কমিটিৰ নতুন অধ্যক্ষ হিচাপে প্ৰাক্তন প্ৰশাসনিক বিষয়া এ কে আবচাৰ হাজৰিকা, উপাধক্ষ্য হেমন্ত গোঁহাই, কোষাধক্ষ্য প্ৰকাশ দি অট্ৰেয়াৰ নিৰ্বাচিত হৈছে।

 

আজিৰ শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে উক্ত সমিতিৰ প্ৰথমখন সাধাৰণ সভা নৱনিৰ্বাচিত অধ্যক্ষৰ সভাপতিত্বত অনুষ্ঠিত হয়।

উক্ত সভাত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি অনাগত দিনত ভাৰতীয় ৰেডক্ৰছ সংস্থায়ে কৰিবলগীয়া কামৰ এক সামগ্ৰিক পৰিকল্পনা যুগুত কৰা হয়।