NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত এক্সিচ বেংকৰ শাখা পৰিচালকৰ অত্মহত্যা : ৰহস্যৰ আৱৰ্তত

Posted by: কাজি জেইদুল ইছলাম April 26, 2018 4:52 pm

বিশ্বনাথত আজি বিশ্বনাথ চাৰিআলিৰ এক্সিচ বেংকৰ এজন শাখা পৰিচালকে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে বিশ্বনাথৰ শান্তিপুৰৰ ১০ নং ৱাৰ্ডৰ ভাড়া ঘৰত এক্সিচ বেংকৰ শাখা পৰিচালক নৱজিৎ কাকতিৰ ডিঙিত চিপ লৈ থকা অৱস্থাত আজি মৃতদেহ উদ্ধাৰ হয়।

ইতিমধ্যে ঘটনাস্থলীত বিশ্বনাথৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ ঘটনাৰ অনুসন্ধান চলাইছে বুলি জানিব পৰা গৈছে। আৰক্ষীৰ কোনো ঘৰণৰ আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ হোৱা নাই যদিও শাখা পৰিচালকজনৰ ৰূমৰ পৰা নদগ প্ৰায় ৪ লাখ টকা উদ্ধাৰ হৈছে। মৃত বেংক পৰিচালকজনৰ ঘৰ গোলাঘাটত বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

আনহাতে কিহৰ বাবে শাখা পৰিচালকজনে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’ব লগীয়া হ’ল তাক লৈ সমগ্ৰ বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে এই কথা আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।