NORTHEAST NOW (Assamese)
Popular Stories

ৰীল লাইফত নহয়, এইবাৰ ৰিয়েল লাইফতে একলগ হ’বলৈ সাজু হৈছে স্পাইডাৰমেন-এম জে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 24, 2022 7:23 pm
Tom Holland and Zendaya

হলিউড জগতৰ জনপ্ৰিয় চুপাৰহিৰ’ চৰিত্ৰ স্পাইডাৰমেন আৰু তেওঁৰ প্ৰেয়সী এম জেৰ মাজৰ প্ৰেমৰ সম্পৰ্কই মাৰ্ভেল ষ্টুডিঅ’ৰ অনুৰাগীসকলক যথেষ্ট আকৰ্ষিত কৰি আহিছে। ৰীল লাইফৰ এই বহু চৰ্চিত প্ৰেমাস্পদ এইবাৰ ৰিয়েল লাইফতো একলগ হ’বলৈ সাজু হৈছে।

এবছৰতকৈ অধিক সময় ধৰি ডেটিং কৰি থকাৰ অন্তত স্পাইডাৰমেন চৰিত্ৰত অভিনয় কৰা টম হলাণ্ড আৰু ‘এম জে’ জেণ্ডাইয়াই দাম্পত্য জীৱন গঢ়াৰ বাবে পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে।

ইউ এছ মেগাজিনে এক প্ৰতিবেদনত স্পাইডাৰ মেন চলচ্চিত্ৰৰ এই দুই তাৰকা শেহতীয়াকৈ পৰস্পৰৰ কাষ চাপি আহিছে আৰু ভৱিষ্যতৰ পৰিকল্পনা কৰিছে বুলি প্ৰকাশ পাইছে। অৱশ্যে ইয়াৰ উৎস সম্পৰ্কে কোনো তথ্য প্ৰকাশ নাই প্ৰতিবেদনত।

এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে অনুসন্ধিৎসু অনুৰাগী সকলে অতি সোনকালে বিবাহপাশত আবদ্ধ হোৱাৰ সময়লৈ বাট চাইছে।

উল্লেখ্য যে ২০১৬ চনত মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছত স্পাইডাৰ-মেন আৰু এম জেৰ চৰিত্ৰত অভিনয় কৰাৰ সময়ত এই দুই তাৰকা প্ৰথম লগ হৈছিল।

ইয়াৰ কিছুদিন পাছতেই তেওঁলোকৰ মাজত ডেটিং আৰম্ভ হোৱাৰ উৰাবাতৰি প্ৰচাৰ হ’বলৈ ধৰিছিল যদিও দুয়োগৰাকীয়ে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত বা অস্বীকাৰ কৰাৰ পৰা বিৰত আছিল।

কিন্তু ২০২১ চনৰ জুলাই মাহত তেওঁলোক দুয়োগৰাকীক গাড়ীৰ ভিতৰত চুম্বনৰত অৱস্থাত থকা এখন ফটো প্ৰকাশ পোৱাৰ পাছতে তেওঁলোকৰ সম্পৰ্ক নিশ্চিত হৈছিল।

ইউ এছ উইকলিয়ে প্ৰকাশ কৰা অনুসৰি ফটোগ্ৰাফাৰ গৰাকীয়ে তেওঁলোকৰ ছবি ক্লিক কৰাৰ বিষয়ে অভিনেতা-অভিনেত্ৰীদ্বয় সম্পূৰ্ণৰূপে অজ্ঞাত আছিল।

এই ফটোসমূহ প্ৰকাশৰ পাছতো দুয়ো অৱশ্যে নিজৰ সম্পৰ্কৰ বিষয়ে কোনো মন্তব্য কৰা নাছিল আৰু এই সম্পৰ্কক ব্যক্তিগতভাৱে ৰখাৰ সিদ্ধান্ত লৈছিল।