NORTHEAST NOW (Assamese)
দেশ

ফিফা বিশ্বকাপলৈ আমন্ত্ৰণৰ পিছতে পুনৰ চৰ্চাত জাকিৰ নাইক! নাইকৰ প্ৰত্যাৰ্পণৰ বাবে কাটাৰৰ কাষ চাপিল ভাৰত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 24, 2022 9:00 pm
Zakir Naik

কাটাৰত চলিত ফিফা বিশ্বকাপলৈ আমন্ত্ৰিত হোৱাৰ পিছতে পুনৰ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিতৰ্কিত ইছলামিক প্ৰচাৰক জাকিৰ নাইক। ভাৰতত পলাতক ঘোষিত হৈ থকা নাইকৰ প্ৰত্যাৰ্পণৰ আহ্বানেৰে বিশ্বকাপৰ মাজতে কাটাৰৰ কাষ চাপিছে ভাৰত।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আজি পলাতক জাকিৰ নাইকৰ প্ৰত্যাৰ্পণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰে কাটাৰৰ ওচৰত উত্থাপন কৰিছে বুলি জানিবলৈ দিছে। বৰ্তমান মালয়েছিয়াৰ নাগৰিক নাইকক কাটাৰলৈ আমন্ত্ৰণ জনোৱাৰ খবৰ প্ৰকাশৰ পিছতে মন্ত্ৰালয়ে এই কথা সদৰী কৰিছে।

আজি জাৰি কৰা এক বিবৃতিত মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয়, “জাকিৰ নাইক ভাৰতত দেশৰ আইনৰ অধীনত এগৰাকী অভিযুক্ত। আমি ইতিমধ্যে মালয়েছিয়াৰ ওচৰত তেওঁৰ প্ৰত্যাৰ্পণৰ বিষয়টো উত্থাপন কৰিছো। এতিয়া আমি কাটাৰৰ ওচৰতো বিষয়টো উত্থাপন কৰিছো।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে ভাৰতত নাইকক আইনী প্ৰক্ৰিয়াৰ সন্মুখত থিয় কৰোৱাৰ বাবে ভাৰত চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিব।

উল্লেখ্য যে ৰাষ্ট্ৰীয় তদন্ত সংস্থা, নিয়া- ই নাইকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ ঠিক আগতেই ২০১৬ চনত ইছলামিক প্ৰচাৰক নাইকে মালয়েছিয়ালৈ পলায়ন কৰিছিল।

ভাৰতত ধন সৰবৰাহৰ লগতে ঘৃণামূলক সাম্প্ৰদায়িক ভাষণ দিয়াৰ অভিযোগৰ সন্মুখীন হৈছিল নাইক। চলিত বৰ্ষৰ মাৰ্চ মাহত গৃহ মন্ত্ৰালয়ে নাইকে প্ৰতিষ্ঠা কৰা ইছলামিক ৰিচাৰ্চ ফাউণ্ডেশ্যন (IRF)ক পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰিছিল।