NORTHEAST NOW (Assamese)
অসম

সৰুকালত হনুমান বুলি পূজা কৰা ললিত আক্ৰান্ত এক বিৰল ৰোগত; চিকিৎসকে কি কয়?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2022 11:32 am

মধ্যপ্ৰদেশৰ ৰাটলাম জিলাৰ এগৰাকী ১৭ বছৰীয়া কিশোৰ ললিত পাটিদাৰ দৰাচলতে এক বিৰল ৰোগত আক্ৰান্ত। তেওঁৰ গোটেই মুখমণ্ডল দীঘল চুলিৰে ভৰি পৰা। জন্মৰ পৰাই তেওঁৰ মুখত এই চুলিবোৰ গজা। সৰুতে ললিতক বাল হনুমান বুলি গণ্য কৰি গাঁৱৰ মানুহে পূজা কৰিছিল। ললিতে এনে অৱস্থাত সদায় অস্বস্তিত ভূগিবলগীয়া হৈছে।

ললিতৰ পৰিয়ালে বহু চিকিৎসকক দেখুৱাইও কোনো সুফল লাভ কৰিব পৰা নাই। চিকিৎসকে ইয়াক এক বিৰল তথা দুৰাৰোগ্য ৰোগ বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: বিকৃত হোৱা ইতিহাস পুনৰ নতুনকৈ লিখাৰ আহ্বান কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

জানিব পৰা মতে, ললিত মধ্য প্ৰদেশৰ ৰাটলাম জিলাৰ নন্দলেট গাঁৱৰ বাসিন্দা। তেওঁৰ পিতৃ বক্তলাল পাটিদাৰ এগৰাকী খেতিয়ক। চাৰিগৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ ললিত। ললিতে গাঁৱৰ চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। ভৱিষ্যতে এগৰাকী ইউটিউবাৰ হ’বলৈ বিচাৰে ললিতে।

ললিতে মুখমণ্ডলত থকা চুলিবোৰৰ বাবে খোৱাবোৱাতো অসুবিধা পায়। ললিতৰ পৰিয়ালে জজানিবলৈ দিয়া মতে ললিতৰ মুখত সৰুৰে পৰাই দীঘল চুলি আছিল।

বৰোদাৰ এগৰাকী চিকিৎসকে ললিতৰ ২১ বছৰ সম্পূৰ্ণ কৰাৰ পিছত প্লাষ্টিক চাৰ্জাৰী কৰাৰ কথা কৈছে। এতিয়া ললিতে ২১ বছৰ হোৱালৈ অপেক্ষা কৰাৰ বাহিৰে কোনো উপায় নাই।

লগতে পঢ়ক: ৰাষ্ট্ৰীয় ঘাইপথত মৃত্যুৰ কিৰিলি ! গোৱালপাৰাত পুনৰ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে এজন যুৱকৰ

ললিতৰ পৰিয়ালে এই বিৰল ৰোগৰ বাবে সকলো ভগৱানৰ ওপৰত এৰি দি কেবল চিকিৎসকৰ পৰামৰ্শ মতে ২১ বছৰত প্লাষ্টিক চাৰ্জাৰী কৰিবলগীয়া দিনটোৰ বাবে অপেক্ষা কৰিছে।