NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত লাচিত বৰফুকনৰ পৰাক্ৰমৰ কথা স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 25, 2022 7:52 pm

মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ সামৰণি অনুষ্ঠানত আজি উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নতুন দিল্লীৰ বিজ্ঞান ভৱনত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ অনুষ্ঠানত আজি অসমীয়াতে ভাষণ আৰম্ভ কৰে মোদীয়ে।

অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখী , মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকা অনুষ্ঠানত মহাবীৰ লাচিতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰেমোদীয়ে ৷মোদীয়ে ভাষণত কয় যে লাচিত বৰফুকনৰ দৰে বীৰ যদি সেই সময়ত নাথাকিলেহেঁতেন, তেন্তে আজি উত্তৰ-পূব হয়তো ভাৰতৰ অংগ হৈ নাথাকিলেহেঁতেন।

লাচিত বৰফুকনে কেৱল অসম বা উত্তৰ-পূবকেই নহয়, সমগ্ৰ দক্ষিণ এছিয়াক ধৰ্মীয় আগ্ৰাসনৰ পৰা ৰক্ষা কৰিছে বুলি মোদীয়ে কয়।