NORTHEAST NOW (Assamese)
অসম

শিক্ষাবৰ্ষ আৰম্ভ হ’ব গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত, UGCৰ সেউজ সংকেট লাভ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 26, 2022 5:18 pm
Girijanand Chowdhury University

নতুনকৈ বিশ্ববিদ্যালয়লৈ উন্নীত হোৱা অসমৰ নৱতম বিশ্ববিদ্যালয় গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত আৰম্ভ স্নাতকোত্তৰৰ শিক্ষাবৰ্ষ। এক জাননী যোগে বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে এই কথা সদৰী কৰিছে।

বিশ্ববিদ্যালয়ৰ অনুদান আয়োগে জাৰি কৰা জাননীত কোৱা হৈছে যে UGCৰ ২২ নং ধাৰা অনুসৰি আয়োগৰ বিধিগত পৰিষদৰ অনুমোদিত ডিগ্ৰীসমূহ গিজিৰানন্দ চৌধুৰী বিশ্ববিদ্যালয় প্ৰদান কৰিব।

অৰ্থাৎ UGCৰ মতে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে নিজৰ আন্তঃগাঁথনি আৰু শৈক্ষিক মানদণ্ড ৰক্ষা কৰি শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰিব পাৰিব।

অৱশ্যে UGCএ এইটো স্পষ্ট কৰি দিছে যে বিশ্ববিদ্যালয়খনে ৰাজ্যৰ ভৌগোলিক অধিকাৰক্ষেত্ৰৰ ভিতৰতহে, বাহিৰত অফ-কেম্পাছ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিব নোৱাৰিব লগতে অন্য মহাবিদ্যালয় বা শিক্ষানুষ্ঠানৰ সৈতে শৈক্ষিকভাৱে জড়িত হ’ব নোৱাৰিব।

উল্লেখ্য যে অসম বিধানসভাই অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ কাৰিকৰী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট(GIMT)ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিছিল। ইয়াৰ পাছতে বিশ্ববিদ্যালয় অনুদান আয়োগে GIMTক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি প্ৰদান কৰে।

বিশ্ববিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ পাছতে এতিয়া বিশ্ববিদ্যালয় অনুদান আয়োগে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে শিক্ষাবৰ্ষ আৰম্ভ কৰিব পাৰিব বুলি প্ৰকাশ কৰিছে।