NORTHEAST NOW (Assamese)
দেশ

মুম্বাই বিমানবন্দৰত জব্দ ৫০ কোটি টকা মূল্যৰ হেৰ’ইন: ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 28, 2022 11:17 am
heroin seized in Mumbai airport

দেশৰ বিভিন্ন প্ৰান্তৰ বিমানবন্দৰ সমূহত শেহতীয়াকৈ দ্ৰুত হাৰত বৃদ্ধি পাইছে চোৰাং সামগ্ৰী সৰবৰাহৰ ঘটনা। ড্ৰাগছৰ পৰা আৰম্ভ কৰি বন্য জীৱ-জন্তুলৈ যোৱা কেইমাহমানত দেশৰ কেইবাটাও বিমানবন্দৰত জব্দ কৰিছে কেন্দ্ৰীয় সংস্থাসমূহে।

এইবাৰ ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াই মুম্বাইৰ ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৭.৯ কিলোগ্ৰাম হিৰ’ইনসহ এগৰাকী ইথিওপিয়ান নাগৰিকক গ্ৰেপ্তাৰ কৰিছে।

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য আন্ত:ৰাষ্ট্ৰীয় চোৰাং বজাৰত প্ৰায় ৫০ কোটি টকা হ’ব সদৰী কৰিছে অভিযানকাৰী ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ বিষয়াসকলে।

ডি আৰ আই, মুম্বাই মণ্ডল ইউনিটে ২৫ নৱেম্বৰত আদিছ আবাবাৰ পৰা মুম্বাই অভিমুখী কেইগৰাকীমান যাত্ৰীয়ে কিছু নিচাজাতীয় পদাৰ্থ সৰবৰাহৰ কৰাৰ চোৰাংচোৱা তথ্য লাভ কৰে।

এই নিৰ্দিষ্ট চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে ছত্রপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ডি আৰ আই বিষয়াৰ এটা দলে অভিযান আৰম্ভ কৰে।

সন্দেহযুক্ত যাত্ৰীকেইজনক চিনাক্ত কৰি অভিযানকাৰী দলটোৱে আটক কৰি তালাচী চলায় আৰু তেওঁলোকৰ ট্ৰলী বেগৰ ভিতৰত লুকুৱাই থোৱা পাউদাৰ থকা কিছুমান পেকেট উদ্ধাৰ হয়।

পিছত পৰীক্ষাৰ সময়ত এই পাউদাৰ সমূহ নিষিদ্ধ ঘোষিত হেৰ’ইন বুলি ধৰা পৰে। জব্দকৃত হেৰ’ইনখিনিৰ পৰিমাণ মুঠ ৭.৯ কেজি হ’ব বুলি বিষয়াসকলে সদৰী কৰিছে।

এই নিষিদ্ধ দ্ৰব্যখিনি সৰবৰাহ কৰা যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি পিছত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। এই ড্ৰাগছ সৰবৰাহ চক্ৰটোৰ সন্দৰ্ভত অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত চলাই থকা হৈছে বুলি এগৰাকী বিষয়াই জানিবলৈ দিছে।