NORTHEAST NOW (Assamese)
অসম

মঙলদৈৰ অসম ভিত্তিক চাইক্লিঙত প্ৰাঞ্জল ৰাভা চেম্পিয়ন

Posted by: ময়ুখ গোস্বামী April 26, 2018 8:49 pm
Three winners of cycling contest

৬৪ সংখ্যক কেন্দ্ৰীয় (সদৌ) মঙলদৈ ৰঙালী বিহু উদ্‌যাপন সমিতিয়ে  ২৬ এপ্ৰিলত মঙলদৈত অনুষ্ঠিত কৰা সদৌ অসম প্ৰাইজমানি চাইক্লিং প্ৰতিযোগিতাত গোৱালপাৰাৰ প্ৰাঞ্জল ৰাভা চেম্পিয়ন হৈছে। ৰাভাই বাইহাটা চাৰিআলিৰ পৰা মঙলদৈৰ গান্ধী ময়দানলৈকে ৩৫ কি:মি: দূৰত্বখিনি ১ ঘণ্টা, ৪ মিনিট ১২ ছেকেণ্ডত সামৰি লয়।

মাথোঁ ২ ছেকেণ্ড অধিক সময়ত এই দূৰত্বখিনি অতিক্ৰম কৰা গুৱাহাটীৰ কুকিল দাসে প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে। ঘৰুৱা প্ৰতিযোগী পৰাগ বৰুৱাই ১ ঘণ্টা ৫ মিনিটত নিৰ্ধাৰিত দূৰত্বখিনি অতিক্ৰম কৰি তৃতীয় স্থান লাভ কৰে।

সাগৰ ডেকা (মঙলদৈ), ৰিমানজু ৰয় গুৱাহাটী), জ্যোতি প্ৰসাদ ডেকা (মঙলদৈ) আৰু হিমাংশু চহৰীয়াই (ওদালগুৰি) যথাক্ৰমে ৪ৰ্থ, ৫ম, ৬ষ্ঠ আৰু ৭ম স্থান লাভ কৰে। প্ৰথম তিনিটা স্থান লাভ কৰা প্ৰতিযোগীসকলে ট্ৰফিৰ উপৰিও সৰ্বমুঠ ২৪,০০০ টকাৰ নগদ ধন প্ৰাইজমানি হিচাপে লাভ কৰে।

আনহাতে, বুধবাৰে বিজুলীবাৰী আৰু ছিপাঝাৰৰ পৰা মঙলদৈৰ পৰা বিহুতলীলৈকে অনুষ্ঠিত হোৱা সদৌ অসমভিত্তিক মাৰাথন দৌৰ প্ৰতিযোগিতাত গুৱাহাটীৰ বিজয় ডেকাই শীৰ্ষস্থান দখল কৰে। চেম্পিয়ন দৌৰ প্ৰতিযোগীগৰাকীয়ে মুঠ ২০ কি:মি: দূৰত্বখিনি ১ ঘণ্টা ৯ মিনিট আৰু ১ ছেকেণ্ডত অতিক্ৰম কৰে। কামৰূপৰ বকোৰ ছানিদুল আলীয়ে ২য় স্থান, চৰাইদেউ সাপেখাতিৰ বিপুল সতনামীয়ে ৩য় স্থান লাভ কৰে। ট্ৰফিৰ উপৰিও বিজয়ীসকলে মুঠ ২৪,০০০ টকা প্ৰাইজমানি হিচাপে লাভ কৰে। সমগ্ৰ অংশগ্ৰহণকৰীৰ ভিতৰত সম্পূৰ্ণ দূৰত্ব অতিক্ৰম কৰা ১৯ গৰাকী দৌৰ প্ৰতিযোগীৰ মাজত আছে দৰঙৰ আৰক্ষী অধীক্ষক শ্ৰীজিত টি, সহকাৰী আৰক্ষী অধীক্ষক (প্ৰবেশ্যন) মোহন মীনা আৰু যুৱ উদ্যোগী সাগৰ ডেকা।