NORTHEAST NOW (Assamese)
অসম

আঁতৰা নাই ৰাজস্থানৰ ৰাজনৈতিক সংকটঃ কোনো নেতাৰ পক্ষতে নাই ৰাহুল গান্ধী!

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 30, 2022 12:28 pm
rahulll

ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদকলৈ এতিয়া বিসম্বাদ তুংগত উঠিছে। অশোক গেহলট আৰু তেওঁৰশচীন পাইলটৰ মাজত এতিয়া ক্ষমতাকেন্দ্ৰিক যুঁজে টৰম সীমা অতিক্ৰম কৰিছে।

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে সোমবাৰে দুয়োজন নেতাকে দলৰ “সম্পত্তি” বুলি অভিহিত কৰাৰ কথাই নতুন ৰাজনৈতিক অংকৰ ইংগিত দিছে। ভাৰত জোড়ো যাত্ৰাৰ সময়ত ইন্দোৰৰ সমীপতে এখন সংবাদমেল সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে কংগ্ৰেছৰ দুয়োজন নেতাৰ মাজৰ সংঘাতে তেওঁৰ পদযাত্ৰাক প্ৰভাৱান্বিত নকৰে। তেওঁলোক দুয়োজনেই কংগ্ৰেছ দলৰ সম্পদ বুলি ৰাহুলে মন্তব্য কৰে।

উল্লেখ্য যোৱাশেহতীয়াকৈ গেহলটে এক সাক্ষাৎকাৰত কৈছে যে পাইলট এজন ‘গদ্দাৰ’ (বিশ্বাসঘাতক) । পাইলটে ২০২০ চনত কংগ্ৰেছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল বুলিও গেহলটে মন্তব্য কৰিছিল।

কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই প্ৰসংগত কয় যে প্ৰয়োজন হ’লে, দলটোৱে “কঠোৰ সিদ্ধান্ত” লোৱাৰ পৰা আঁতৰি নাথাকিব। ৰাজস্থানত দলটোক শক্তিশালী কৰিবলৈ কোনো আপোচ কৰা নহ’ব বুলিও ৰমেশে কয়। উল্লেখ্য শেহতীয়াকৈ শচীন পাইৱলটক ৰাজস্থানৰ মুখ্যমন্ত্ৰী নাপাতিলে কংগ্ৰেছ ত্যাগ কৰিব বুলি ৰাজ্য খনৰ বহু জনজাতীয় নেতাই হুংকাৰ দিছে।