NORTHEAST NOW (Assamese)
অসম

Containment zone কৰ’নাৰ ৰঙা চকু! ধুবুৰী এছবিআইৰ প্ৰধান শাখা কাৰ্যালয় কন্টেইনমেন্ট জ’ন ঘোষণা

Posted by: মুকেশ কুমাৰ সিং, ধুবুৰী Updated by: মুকেশ কুমাৰ সিং, ধুবুৰী December 31, 2021 9:17 am
WhatsApp Image 2021-12-31 at 8.32.45 AM

Containment zone ভাৰতীয় ষ্টেট বেংকৰ (এছবিআই) ধুবুৰীৰ প্ৰধান শাখাৰ কমেও ৮জন কৰ্মচাৰীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত শাখাটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে।

এছবিআইৰ ধুবুৰীৰ প্ৰধান শাখা কাৰ্যালয়টো পৰৱৰ্তী ৭দিনৰ বাবে কন্টেইনমেন্ট জ’ন হিচাপে থাকিব।

ধুবুৰীৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ অন্বামুথন এম পি-য়ে বেংকৰ চৌহদটো কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে আৰু অঞ্চলটোত সংক্ৰমণ ৰোধ কৰিবলৈ ‘পৰৱৰ্তী সাত দিনৰ বাবে’ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ কাৰ্যালয়টো ছীল কৰিবলৈ নিৰ্দেশ দিছে।

‘’অঞ্চলটো সুৰক্ষিত বুলি দিয়া নিৰ্দেশনা অনুসৰি কন্টেইনমেন্ট জ’ন ঘোষিত স্থানত যিকোনো অকতৃৰ্ত্বশীল প্ৰৱেশ তথা প্ৰস্থান নিষিদ্ধ কৰা হৈছে। উক্ত অঞ্চলটোত যিকোনো অকতৃৰ্ত্বশীল লোকৰ বা বাহনৰ যাতায়ত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষিদ্ধ কৰা হৈছে,’’-এক নিৰ্দেশত এইদৰে কোৱা হৈছে।

Also Read: সম্প্ৰসাৰণবাদী চীনৰ চকু! অৰুণাচল প্ৰদেশৰ ১৫টা স্থানক পুনৰ নামাকৰণ কৰিলে চীনে

 

‘’এছবিআই ধুবুৰীৰ প্ৰধান শাখাত যোৱা ২৭ ডিচেম্বৰত কৰ্মচাৰীসকলৰ পৰা সংগ্ৰহ কৰা নমুনাত ৮জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰালৈ চাই ৰাজহুৱা স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি কোভিড বিধি অনুসৰি বেংকটোৰ শাখা চৌহদটো তাৎক্ষণিকভাৱে ছীল কৰাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰা হৈছে,’’-নিৰ্দেশটোত লগতে কোৱা হয়।

নিৰ্দেশটোত লগতে কোৱা হৈছে, ‘’এছবিআই ধুবুৰীৰ প্ৰধান শাখা কাৰ্যালয় চৌহদটোত য’ত ২৯ ডিচেম্বৰলৈকে কোভিড-১৯ পজিটিভ ব্যক্তিয়ে কাম কৰি আছিল সেইটো ইয়াৰ দ্বাৰা ৩০ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৭দিনৰ বাবে কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হ’ল।‘’