NORTHEAST NOW (Assamese)
অসম

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ‘লুট গেয়ে’ খ্যাত গায়ক জুবিন; হাস্পাতালত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 2, 2022 3:17 pm

দুৰ্ঘটনাত জনপ্ৰিয় গায়ক জুবিন নটিয়াল গুৰুতৰভাৱে আহত হৈছে। তেওঁক বৰ্তমান মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁ শৰীৰৰ একাধিক অংশত আঘাত প্ৰাপ্ত হৈছে। বাতৰি অনুসৰি দুৰ্ঘটনাটোৰ পিছত তেওঁৰ সোঁ হাতত অস্ত্ৰোপচাৰ কৰিব লগা হৈছে। বৃহস্পতিবাৰে জুবিন বাসগৃহৰ চিৰিৰ পৰা বাগৰি পৰি দুৰ্ঘটনাত পতিত হয়। তেওঁক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়।   

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, চিৰিৰ পৰা পৰি জুবিন নটিয়ালৰ সোঁ কিলাকুটি ভাঙিছে। বুকুৰ হাড় ফাটিছে আৰু আনকি মূৰতো আঘাত পাইছে। অৱশ্যে, চিকিৎসকসকলে জনায় যে গায়কজনৰ মূৰৰ আঘাত গুৰুতৰ নহয়।

লগতে পঢ়ক: কোটিপতি ভিক্ষাৰী! নিজে ফুটপাথত বাস কৰে অথচ ঘৰ ভাড়া দি মাহে উপাৰ্জন লক্ষাধিক টকা

বাতৰি মতে তেওঁৰ সোঁ বাহুত অস্ত্ৰোপচাৰ হৈছে। চিকিৎসকসকলে জুবিনক তেওঁৰ সোঁ হাতটো বৰ্তমান কোনো ধৰণে ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে। জুবিনে অৱশ্যে নিজে এতিয়ালৈকে তেওঁৰ শাৰীৰিক অৱস্থাৰ বিষয়ে একো কোৱা নাই।

ইপিনে, যোৱা সপ্তাহত জুবিন নটিয়ালক ডুবাইত প্ৰদৰ্শন কৰা দেখা গৈছিল। জুবিনে ডুবাইত জনতাৰ ভিৰৰ মাজত গান গোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছিল। কিছুদিন পূৰ্বে সিংহলী গায়িকা য়োহানি দিলোকা ডি’ চিলভাৰ সৈতে জুবিন নটিয়ালৰ ‘তু সামনে আয়ে’ৰ সংগীত ভিডিঅ’ মুকলি কৰা হৈছিল।

লগতে পঢ়ক: সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই

শেহতীয়াকৈ, জুবিন নটিয়ালে দৃশ্যম ২, শ্বেৰশ্বাহকে ধৰি বহুতো জনপ্ৰিয় চলচ্চিত্ৰত কণ্ঠদান কৰিছে।