• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2022 12:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Russia refuses to sell crude oil to Pakistan ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে কম দামত ৰাছিয়াৰ পৰা ইন্ধন তেল ক্ৰয় কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া দেশসমূহৰ পৰা বিত্তীয় নিষেধাজ্ঞাৰ বোজা পৰিহাৰ কৰিবলৈ মস্কোৱে দিল্লীৰ “বন্ধুত্ব”ৰ ওপৰত নিৰ্ভৰ কৰিছে। যুদ্ধৰ পৰিস্থিতিৰ সুযোগতে পাকিস্তানেও কম দামত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব বিচাৰিছিল। কিন্তু পুটিন প্ৰশাসনে ইছলামাবাদৰ কথাত গুৰুত্বই নিদিলে।

বাতৰি অনুসৰি, পাকিস্তানে ৰাছিয়াৰ ইন্ধন তেলৰ ওপৰত ৩০ ৰ পৰা ৪০ শতাংশ ৰেহাই বিচাৰিছিল। কিন্তু ৰাছিয়াই সেই অনুৰোধ নাকচ কৰিছে।

লগতে পঢ়ক: আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে

Apply Now

পাকিস্তানৰ পেট্ৰ’লিয়াম ৰাজ্যিক মন্ত্ৰী মুচাদিক মালিক আৰু শ্বাহবাজ শ্বৰীফ প্ৰশাসনৰ শীৰ্ষ আমোলাসকলে বুধবাৰে মস্কোত ৰাছিয়াৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে। আলোচনাৰ শেষত পুটিন চৰকাৰে স্পষ্ট কৰি দিয়ে যে এনে ৰেহাইত তেল বিক্ৰী কৰা সম্ভৱ নহয়। যদিহে  ভৱিষ্যতে কোনো সম্ভাৱনা থাকে সেয়া অৱগত কৰা হ’ব।

জিঅ’ নিউজৰ মতে, পাকিস্তানী প্ৰতিনিধি দলটো তিনিদিনীয়া ভ্ৰমণসূচীৰে ২৯ নৱেম্বৰত মস্কোত উপস্থিত হৈছিল।

লগতে পঢ়ক: আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ

পৰ্যবেক্ষকসকলৰ মতে, এই মুহূৰ্তত ৰাছিয়াই ভাৰত আৰু চীনৰ দৰে ডাঙৰ আৰু বিশ্বাসী দেশবোৰক সস্তাত তেল বিক্ৰী কৰি আছে। এই দুয়োখন দেশৰ সৈতে মস্কোৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। কিন্তু পুটিন প্ৰশাসনে সুযোগ বিচাৰি থকা পাকিস্তানক বিশ্বাস নকৰে।

সূত্ৰ অনুসৰি, মস্কোৱে সস্তাত তেল ক্ৰয় কৰাৰ আগতে ‘পাকিস্তান ষ্ট্ৰীম’ গেছ পাইপলাইন সম্পূৰ্ণ কৰাৰ দাবী জনাইছে। ৰাছিয়াই পাকিস্তানৰ কৰাচী বন্দৰৰ পৰা পঞ্জাৱ প্ৰদেশলৈ পাইপলাইন নিৰ্মাণ কৰাৰ কথা আছিল যদিও কামটো স্থগিত হৈ আছে।

উল্লেখ্য যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে পশ্চিমীয়া দেশসমূহৰ পৰা বাৰে বাৰে সমালোচনাৰ সন্মুখীন হৈছে। ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ অলিপাভে এই সন্দৰ্ভত কটাক্ষ কৰিছিল।

লগতে পঢ়ক: বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে

তেওঁ কৈছিল, “পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ক গৰিহণা দিছে। আনহাতে, তেওঁলোকে নিজেই ৰাছিয়াৰ শক্তি ক্ৰয় কৰি আছে। গতিকে বুজা যায় যে ইউৰোপীয় দেশবোৰে নিজে নিয়ম প্ৰস্তুত কৰিলেও তেওঁলোকে সেই নিয়মবোৰ অনুসৰণ কৰা নাই।‘’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা! ছৌডি আৰৱত তৈল প্ৰতিষ্ঠান এৰামকোৰ হেলিকপ্টাৰ বিধস্ত হৈ ১৪ জনৰ মৃত্যু

June 28, 2026 6:36 pm
প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

ধেমাজিত ভয়ংকৰ বানপানী! নিৰ্মাণৰ এবছৰৰ পাছতেই উটি গ’ল কেমী নদীৰ লোৰ দলং

June 28, 2026 9:28 pm
বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

বন বিভাগ ৰাজহ সংগ্ৰহৰ আহিলা নহয়! মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা প্ৰকৃতিপ্ৰেমীৰ

June 28, 2026 8:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd