NORTHEAST NOW (Assamese)
অসম

বেংকক এফ চিত ফুটবল প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত দুধনৈৰ পৰশ বড়ো

Posted by: এন ই নাও নিউজ April 27, 2018 7:53 am
parash baro

ভাৰতীয় ফুটবল জগতত উত্তৰ-পূবৰ খেলুৱৈৰ চমকপ্ৰদ উত্তৰণৰ সময়তে অসমৰ আন এগৰাকী উদীয়মান খেলুৱৈয়ে কঢ়িয়াই আনিলে সুখবৰ। গোৱালপাৰা জিলাৰ দুধনৈৰ ফুটবল খেলুৱৈ পৰশ বড়ো ৱে বেংকক এফ চিত তিনিমহীয়া প্ৰশিক্ষণৰ বাবে আমণ্ট্ৰণ লাভ কৰিছে।

উল্লেখ্য যে দুধনৈৰ ছেণ্ট পিটাৰ নেশ্যনেল একাডেমিৰ ছাত্ৰ পৰশক যোৱা অক্টোবৰ-নবেম্বৰত দিল্লী য়ুনাইটেড এফ চি দলত প্ৰশিক্ষণ গ্ৰহণৰ বাবে আমণ্ট্ৰণ জনাইছিল। এয়াই আছিল তেওঁৰ সফলতাৰ প্ৰথম আৰম্ভণি।  এই প্ৰশিক্ষণ শিবিৰৰ পৰাই ১৪ বছৰীয়া পৰশক বেংকক ফুটবল ক্লাবে নিৰ্বাচিত কৰে।

দুধনৈৰ বালাছাৰাৰ নিবাসী ৰামেশ্বৰ বড়োৰ কনিষ্ঠ সন্তান পৰশে দিল্লী য়ুনাইটেডৰ বাছনি শিবিৰত প্ৰতিভাৰ দুৰ্দান্ত প্ৰদৰ্শনত আকৃষ্ট হৈয়ে থাইলেণ্ডৰ ক্লাবটোৱে নিৰ্বাচিত কৰে।

সৰুৰে পৰা ফুটবল খেলৰ প্ৰতি মনত অদম্য হেপাহ কঢ়িয়াই লৈ ফুৰা পৰশে গোৱালপাৰা জিলাৰ হৈ ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল।

মনকৰিবলগীয়া যে থাইলেণ্ডস্থিত বেংকক এফ চিয়ে অসমৰ এইগৰাকী প্ৰতিভাৱান খেলুৱৈক প্ৰদান কৰিছে ১০ নন্বৰ জাৰ্ছী। জানিব পৰা মতে অহা মাহৰ শেষৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰশিক্ষণ কাৰ্যসূচীত অংশ ল’ব পৰশে।