NORTHEAST NOW (Assamese)
দেশ

চুটকেছ হৈ পৰিছে কবৰ! দিল্লীত পুনৰ চুটকেছত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 8, 2022 1:23 pm
Woman's body found inside suitcase

শ্ৰদ্ধা হত্যাকাণ্ডকে ধৰি ইটোৰ পিছত সিটোকৈ পোহৰলৈ অহা নৃশংস হত্যাকাণ্ড, দেশৰ বিভিন্ন প্ৰান্তত চুটকেছৰ ভিতৰত মৃতদেহ উদ্ধাৰক লৈ বিগত সময়চোৱাত দেশজুৰি এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰাৰ সময়তে দেশৰ ৰাজধানী চহৰ দিল্লীত পুনৰ উদ্ধাৰ হৈছে চুটকেছত ভৰাই থোৱা মহিলাৰ মৃতদেহ।

বুধবাৰে দিল্লী আৰক্ষীয়ে পশ্চিম দিল্লীৰ পাঞ্জাবী বাগ অঞ্চলত ছুটকেছত ভৰাই থোৱা অৱস্থাত এগৰাকী অচিনাক্ত মহিলাৰ পচি যোৱা মৃতদেহ উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, আৰক্ষীৰ কণ্ট্ৰল ৰুমলৈ কোনো ব্যক্তিয়ে ফোন যোগে এটা সন্দেহজনক অৱস্থাত থকা চুটকেছৰ বিষয়ে অৱগত কৰিছিল। চুটকেছটোৰ পৰা অতিমাত্ৰাত দুৰ্গন্ধ ওলাই থকা বুলি ব্যক্তিগৰাকীয়ে জানিবলৈ দিয়ে।

ফোন কল লাভ কৰাৰ পাছতে দিল্লী আৰক্ষীৰ এটা দল সেই স্থানত উপস্থিত হয় আৰু স্থানীয় ডুবাৰুৰ সহায়ত নলাৰ পৰা চুটকেছটো উলিয়াই আনে। চুটকেছটো খোলাৰ লগে লগে তাৰ ভিতৰত এগৰাকী মহিলাৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

মৃতদেহটো অতিশয় পচি যোৱা অৱস্থাত উদ্ধাৰ হোৱাৰ বাবে আৰক্ষীয়ে মহিলাগৰাকীক এইপৰ্যন্ত চিনাক্ত কৰিব পৰা নাই। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মহিলাগৰাকীৰ বয়স প্ৰায় ২৮-৩০ বছৰ হ’ব বুলি অনুমান কৰা হৈছে।

আন কোনো ঠাইত মহিলাগৰাকীক হত্যা কৰি চুটকেছত ভৰাই থোৱা হৈছিল আৰু পিছত হত্যাকাৰীয়ে চুটকেছটো এতিয়া উদ্ধাৰ হোৱা স্থানত নলাত পেলাই দিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

প্ৰাথমিক পৰ্যবেক্ষণত মৃতদেহটোত অংগচ্ছেদৰ কোনো চিন পোৱা নগ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ফৰেছিক বিশ্লেষণৰ বাবে নমুনা প্ৰেৰণ কৰা হৈছে বুলি তেওঁলোকে লগতে কয়।

ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ (হত্যা)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্তৰ বাবে দল গঠন কৰা হৈছে বুলি এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।