NORTHEAST NOW (Assamese)
অসম

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত পোৱা নাযাব কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী: উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী December 9, 2022 6:14 pm

উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ নিযুক্তি সন্দৰ্ভত কলেজিয়ামৰ বৈঠকৰ বিষয়ে তথ্য বিচাৰি তথ্য জনাৰ অধিকাৰ (আৰটিআই) আইনৰ অধীনত কৰা আবেদন খাৰিজ কৰি দিলে। ন্যায়াধীশ এম আৰ শ্বাহ আৰু চি টি ৰবিকুমাৰৰ বিচাৰপীঠে শুকুৰবাৰে ৰায়টো ঘোষণা কৰি কয়, “একাধিক সদস্যৰ মতামতৰ ভিত্তিত লোৱা এটা সম্ভাৱ্য সিদ্ধান্ত ৰাজহুৱা কৰিব নোৱাৰি।‘’

যোৱা শনিবাৰে গোচৰটোৰ শুনানিৰ সময়ত দুই ন্যায়াধীশৰ বিচাৰপীঠে ইয়াৰ পৰ্যৱেক্ষণত কৈছিল, “কোনো পৰিস্থিতিত কলেজিয়াম প্ৰণালীক পথচ্যুত কৰাৰ কোনো প্ৰয়াস কৰা উচিত নহয়। মুখ্য ন্যায়াধীশৰ নেতৃত্বত কলেজিয়ামৰ দক্ষতা আৰু নিৰপেক্ষতা সম্পৰ্কে কোনো সন্দেহ নাই বুলি দাবী কৰি দুই ন্যায়াধীশৰ বিচাৰপীঠে কয়, “আমি আটাইতকৈ স্বচ্ছ প্ৰতিষ্ঠান।”

লগতে পঢ়ক: পুনৰ গুজৰাটৰ আম্বানীৰ চিৰিয়াখানালৈ জন্তু স্থানান্তৰ কৰিলে অসম ৰাজ্যিক চিৰিয়াখানাই; সাৱ্যস্ত প্ৰতিবাদ

শুনানিৰ সময়ত আবেদনকাৰীৰ হৈ উপস্থিত থকা অধিবক্তা প্ৰশান্ত ভূষণে অভিযোগ কৰিছিল যে ২০১৮ ৰ ১২ ডিচেম্বৰত কলেজিয়াম বৈঠকৰ কাৰ্য বিৱৰণী প্ৰকাশত কোনো প্ৰত্যাশিত স্বচ্ছতা নাই। ইয়াৰ প্ৰত্যুত্তৰত দুই ন্যায়াধীশৰ বিচাৰপীঠে এই মন্তব্য কৰে। যোৱা শনিবাৰে শুনানি সমাপ্ত হোৱাৰ পিছত ৰায়টো সংৰক্ষিত ৰাখিছিল।

শুকুৰবাৰে কলেজিয়ামে সভাৰ বিষয়ে তথ্য বিচৰা আবেদন নাকচ কৰি ইয়াৰ ৰায় ঘোষণা কৰে।

যোৱা কেইসপ্তাহমান ধৰি নৰেন্দ্ৰ মোডী চৰকাৰৰ আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ন্যায়াধীশ নিযুক্তিৰ বাবে কলেজিয়াম প্ৰণালীৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে। উচ্চতম ন্যায়ালয়ে আগতে এই বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল। শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰক উচ্চ ন্যায়িক পৰ্যায়ত ন্যায়াধীশ নিয়োগৰ ক্ষেত্ৰত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল।

যোৱা মাহত ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু এ এছ ওকাৰ বিচাৰপীঠে কেন্দ্ৰক ভৎৰ্সনা কৰি কৈছিল যে ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে কলেজিয়ামে পৰামৰ্শ দিয়া নামৰ প্ৰতি সন্মতি দিয়াত চৰকাৰৰ “অপ্ৰয়োজনীয় বিলম্ব” হৈছে।

আনহাতে, ৰিজিজুৱে অভিযোগ কৰে যে বৰ্তমানৰ কলেজিয়াম প্ৰণালীত অস্বচ্ছতা আছে। তেওঁ আনকি ন্যায়াধীশ নিযুক্তিৰ ব্যৱস্থাক “ভাৰতৰ সংবিধানত বহিৰাগত” বুলি অভিহিত কৰিছিল। যোৱা মাহত শীৰ্ষ ন্যায়ালয়খনে কেন্দ্ৰীয় আইন মন্ত্ৰীৰ মন্তব্যক “হতাশাজনক” বুলি অভিহিত কৰিছিল।

লগতে পঢ়ক: আমেৰিকা ভ্ৰমণত সৰ্বাধিক ব্যয় ২৩ কোটি! প্ৰধানমন্ত্ৰী মোডীৰ ৫ বছৰত ৩৬ টা বিদেশ ভ্ৰমণত খৰচ কিমান?

বৰ্তমান প্ৰণালীত উচ্চতম ন্যায়ালয়ৰ পাঁচজন শীৰ্ষ ন্যায়াধীশক লৈ গঠিত কলেজিয়ামে সম্ভাব্য ন্যায়াধীশসকলৰ নাম নিযুক্তিৰ বাবে পৰামৰ্শ দিয়ে। তাৰ পিছত সেই নামবোৰ চৰকাৰে বিবেচনা কৰে। চৰকাৰে কলেজিয়ামৰ পুনৰ বিবেচনাৰ বাবে নামটো ঘূৰাই পঠিয়াব পাৰে। কিন্তু যদি কলেজিয়ামে সেই নামবোৰ পুনৰ প্ৰেৰণ কৰে চৰকাৰে ইয়াক গ্ৰহণ কৰিবলৈ বাধ্য।