NORTHEAST NOW (Assamese)
অসম

আজিৰে পৰা উত্তৰ-পূবৰ আকাশত হ’ব ভাৰতীয় বায়ু সেনাৰ অনুশীলন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 15, 2022 11:35 am

চীন আৰু ভাৰতৰ সংবেদনশীল সম্পৰ্ক আৰু সীমান্তৰ উত্তেজনা চলি থকাৰ সময়তে আজিৰ পৰা ভাৰতীয় বায়ু সেনাই অসমকে ধৰি উত্তৰ-পূব ভাৰতৰ আকাশত চলাব বিশেষ অনুশীলন।

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ টাৱাং ছেক্টৰত যোৱা ৯ ডিচেম্বৰত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত ভাৰত আৰু চীনা সৈন্যৰ মাজত হৈছিল মুখামুখি সংঘৰ্ষ।

প্ৰতিৰক্ষা বিভাগে সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল যে ইয়াংচে অঞ্চলত ভাৰতীয় সেনা বাহিনীৰে চীনা সেনাৰ সংঘৰ্ষ হোৱাৰ আগত সীমাৰেখা পাৰ কৰি ভাৰতলৈ সোমাই আহিছিল চীনৰ ড্ৰোণ। যাৰ ফলত ভাৰতীয় বায়ু সেনাই সেই অঞ্চললৈ নিজৰ যুঁজাৰু বিমান সোমোৱাবলৈ বাধ্য হৈ পৰিছিল।

সেয়ে নিজৰ বিমানসমূহৰ যুদ্ধৰ প্ৰস্তুতি পৰীক্ষা কৰাৰ লক্ষ্যৰে ভাৰতীয় বায়ুসেনাই বৃহস্পতিবাৰৰ পৰা আৰম্ভ কৰিব একত্ৰিত প্ৰশিক্ষণ অনুশীলন।

চীন ভাৰতৰ সংঘাতক কেন্দ্ৰ কৰি নিজৰ বিমান সমূহ পৰীক্ষা আৰু অনুশীলনেৰে শক্তি প্ৰদৰ্শন কৰিবলৈ লৈছে ভাৰতীয় প্ৰতিৰক্ষা বিভাগ তথা বায়ুসেনাই।