NORTHEAST NOW (Assamese)
Popular Stories

দিহিং পাটকাই অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিৱৰ্তনৰ প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 5:38 pm
download১২২২

ডিব্ৰগড় আৰু তিনিচুকীয়া জিলাৰ বিশাল অঞ্চল সামৰি থকা দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানলৈ পৰিৱৰ্তনৰ কৰাৰ প্ৰস্তাৱ লৈছে ৰাজ্য চৰকাৰে।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত লোৱা হয়

। দুখন কৈ জিলাৰ ১১১.১৯ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি থকা দিহিং পাটকাই অভয়াৰণ্য ইয়াৰ প্ৰাকৃতিক সম্পদ আৰু সৌন্দৰ্যৰ বাবে বিখ্যাত।

অভয়াৰণ্য খনৰ ৫৯৫ বৰ্গ কিলোমিটাৰ অঞ্চল বৰ্ষাৰণ্য হিচাবে জনাজাত।

ৰাজ্যৰ এখন উল্লেখযোগ্য বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰাৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তাৱ গ্ৰহণ কৰাৰ কথাই এতিয়া উৎফুল্লিত কৰি তুলিছে ৰাজ্যৰ প্ৰকৃতিপ্ৰেমী লোক সকলক।

দিহিং পাটকাই অভয়াৰণ্য ৰাষ্ট্ৰীয় উ্দ্যানলৈ ৰুপান্তৰিত হ’লে উদ্যান খনৰ উন্নয়ন তথা সুৰক্ষাৰ দিশটো অধিক ভালদৰে চোৱা-চিতা কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আশা প্ৰকাশ কৰিছে।

২০০৪ চনৰ ১৩ জুনৰ দিনা দিহিং পাটকাইক অভয়াৰণ্য হিচাবে ঘোষণা কৰা হৈছিল।

শেহতীয়াকৈ দিহিং পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাবে নেছনেল ব্যুৰ’ অৱ ৱাই্ল্ড লাইফে দিয়া অনুমতিৰ পিছতে বিষয়টোকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

বিষয়টোৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰো কাষ চাপিছিল বহুজনে।