NORTHEAST NOW (Assamese)
অসম

২০২২ চনত উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্যনাথক প্ৰত্যাহ্বান জনাবলৈ সাজু আম আদমী পাৰ্টি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 1:21 pm
Arvind-Kejriwal-750x375

আম আদমী পাৰ্টিয়ে ২০২২ চনৰ উত্তৰ প্ৰদেশ(য়ুপি) বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি দলটোৰ প্ৰমুখ তথা দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি এক ডাঙৰ ঘোষণা কৰে।

মুখ্য মন্ত্ৰী কেজৰিৱালে এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰি তেওঁ উত্তৰ প্ৰদেশত দেখা দিয়া ক’ৰ’না সংকট আৰু আন কিছু বিষয়ক লৈ প্ৰশ্ন উত্থাপন কৰে।

কেজৰিৱালে প্ৰশ্ন উত্থাপন কৰি কয় যে দিল্লীত যদি সুবিধাসমূহ উপলব্ধি কৰিব পৰা যায় তেন্তে উত্তৰ প্ৰদেশত কিয় নোৱাৰি।

দিল্লীৰ মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে উত্তৰ প্ৰদেশে এই পৰ্যন্ত কেৱল লেতেৰা ৰাজনীতিহে দেখিছে, সেয়ে উত্তৰ প্ৰদেশে এতিয়া নতুন সুযোগ পাব লাগে।

তেওঁ লগতে কয় যে দেশৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনত কিয় ভাল সুবিধা থাকিব নোৱাৰে। কেজৰিৱালে লগতে য়ুপিত মোহল্লা ক্লিনিক, বিনামূলীয়া বিদুৎ, বিনামূলীয়া পানীৰ সুবিধা কিয় থাকিব নোৱাৰে বুলিও প্ৰশ্ন কৰে।

সংবাদমেলত কেজৰিৱালে লগতে কয় যে দিল্লীত উত্তৰ প্রদেশৰ বহু লোক থাকে আৰু তেওঁলোকে দিল্লীৰ দৰে সুবিধা উত্তৰ প্ৰদেশতো হ’ব লাগে বুলি দাবী জনাইছে।

উত্তৰ প্ৰদেশৰ জনতা আওপুৰণি ৰাজনীতিত বিতুষ্ট হৈছে আৰু তেওঁলোক আম আদমী পাৰ্টিৰ সৈতে জৰিত হ’ব বুলিও কেজৰিৱালে মন্তব্য কৰে।

মুখ্য মন্ত্ৰী কেজৰিৱালে কয় যে দিল্লীত একেৰাহে তিনিবাৰৰ বাবে আম আদমী পাৰ্টিয়ে চৰকাৰ গঠন কৰি কাম কৰি দেখুৱাইছে।

দিল্লীত পোৱা সুবিধা সমূহ উত্তৰ প্ৰদেশৰ গোৰখপুৰ, লক্ষ্ণৌ আৰু আন আন চহৰ সমূহত কিয় হ’ব নোৱাৰে বুলিও কেজৰিৱালে কয়।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো ডেৰ বছৰহে আছে, আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাজনৈতিক দলৰ লগতে আম আদমী পাৰ্টিয়েও নিজৰ ৰণনীতি প্ৰস্তুত কৰি লৈছে।