NORTHEAST NOW (Assamese)
অসম

পাঁচ বছৰে বিছনাত পৰি আছে এটা পৰিয়ালৰ তিনি সদস্য : চৰকাৰ, দল সংগঠন, হৃদয়ৱান লোকলৈ সহায়ৰ আহ্বান

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী December 15, 2020 1:10 pm
index

বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাওঁবাৰীত এটা পৰিয়ালৰ তিনি জনকৈ সদস্য বহুদিনে পেৰালাইচিছ ৰোগত আক্ৰান্ত হৈ দীৰ্ঘ দিনৰে পৰাই বিছনাত পৰি আছে।

ৰোগাক্ৰান্ত তিনিজন ক্ৰমে মাণিক চক্ৰবৰ্তী (৩০) আৰু তেওঁৰ মাতৃ (৭৫) আৰু জ্যেষ্ঠ ভাতৃ (৫৫) পেৰালাইচিছ ৰোগতত আক্ৰান্ত হৈ মৃত্যুৰ সৈতে যুঁজি আছে।

অতিকৈ দৰিদ্ৰ পৰিয়ালটোৰ তিনিজন সদস্যই ৰোগাক্ৰান্ত হৈ এইদৰে কোনোমতে জীয়াই আছে। খবৰ লোৱাৰ সময় নাই স্থানীয় বিধায়ক, জিলা প্ৰশাসন তথা দল সংগঠনৰ।

ইফালে কৰোনা আৰু লকডাউনৰ ফলত অতি দৰিদ্ৰ পৰিয়ালটোৰ অৱস্থা পানীত হাঁহ নচৰা দৰে হয়।

প্ৰায় ৫ বছৰ ধৰি বিছনাত পৰি থকা পৰিয়ালটোৰ বাবে গাঁৱৰ ৰাইজে অসমবাসী, জিলা প্ৰশাসন, বিভিন্ন দল সংগঠন, তথা হৃদয়ৱান ব্যক্তি সকলোকে সহায় কৰিবলৈ অনুৰোধ জনাইছে।

লগতে অসমৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিশেষভাৱে সহায় কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। কোনোবা সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে ANJALI CHOKRABORTY, A/C NO – 2341123599 (Central Bank of India),  IFSC CODE. CBIN0282511 নম্বৰত সহায়ৰ হাত আগবঢ়াব পাৰিব।