NORTHEAST NOW (Assamese)
অসম

অসমত আৰু আঠগৰাকী ক’ভিড ৰোগীৰ মৃত্যু, মুঠ ১৪০লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 8, 2020 8:52 pm
Covid death toll in Assam reaches 930

আৰু আঠগৰাকী ক’ভিড১৯ ৰোগীয়ে অসমত প্ৰাণ হেৰুৱাইছে আৰু শনিবাৰলৈকে মুঠ মৃতকৰ সংখ্যা ১৪০লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ মৃত্যু হোৱা লোককেইগৰাকী হৈছে—নলবাৰীৰ মহন তালুকদাৰ (৪৫) আৰু আজিজুৰ ৰহমান (৫২), তিনিচুকীয়াৰ নাৰায়ণ চন্দ্ৰ ডেকা (৫৪) আৰু দুলু পাল (৫০), মৰিগাঁৱৰ তুৰাব আলি (৪৮), কোকৰাঝাৰৰ সুফলা গগৈ (৪৬), নগাঁৱৰ খনীন্দ্ৰ নাথ (৫৫) আৰু ডিব্ৰুগড়ৰ প্ৰকাশ জৈন (৬০)।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰিছে।

অসমত শুকুৰবাৰলৈকে মুঠ ১৩২গৰাকী ক’ভিড ৰোগীয়ে প্ৰাণ হেৰুৱাইছিল।

বিপৰীতে অসমত শুকুৰবাৰলৈকে ক’ভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৩৮,৮০৯লৈ বৃদ্ধি পাইছিল।

আনহাতে শুকুৰবাৰে অসমত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ১৬,৫৫২ (।)

শুকুৰবাৰে অসমত নতুনকৈ ২৬৭৯গৰাকী ব্যক্তি ক’ভিড১৯ পজিটিভ চিনাক্ত হৈছিল।

অৱশ্যে অসমত কভিড পজিটিভৰ হাৰ নিয়মিতভাৱে হ্ৰাস পাই আহিছে।

শুকুৰবাৰলৈকে ২৪ ঘণ্টাত অসমত ৫৮,৫৩১টা টেষ্ট সম্পন্ন হৈছিল। ইয়াৰ বিপৰীতে পজিটিভৰ হাৰ আছিল ৪.৫৭ শতাংশ।

অসমত শুকুৰবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৫৫,৪৯৬ (।)

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।