NORTHEAST NOW (Assamese)
অসম

দেওবাৰে উত্তৰ-পূৰ্ব ৰে’লৱে মজদূৰ ইউনিয়নৰ ‘ৰেল বচাওক-দেশ বচাওক’ শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা August 8, 2020 8:49 pm
image.jpgd

অল ইণ্ডিয়া ৰে’লৱে মেনচ ফেডাৰেচন (এ আই আৰ এফ) ৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ লগতে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে মজদুৰ ইউনিয়নে দেওবাৰে ৰূপায়ণ কৰিব প্ৰতিবাদ দিৱস।

ভাৰত ত্যাগ আন্দোনৰৰ বিশেষ দিনটোত গ্ৰহণ কৰিব লগা এই প্ৰতিবাদ দিৱসৰ সন্দৰ্ভত এনএফ ৰে’লৱে মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক তথা এ আই আৰ এফৰ সভাপতি ৰাখাল দাসগুপ্তাই এক বিজ্ঞপ্তিত কয়-কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদত ৯ আগষ্ট অৰ্থাৎ দেওবাৰে ৰে’ল কৰ্মীসকলে দেশজুৰি পালন কৰিব “অল ইণ্ডিয়া প্ৰতিবাদ দিৱস”।

প্ৰতিবাদৰ অংশ হিচাপে কৰ্মচাৰীসকলে নিজ নিজ কৰ্মস্থলীত আৰু ৰে’লৱে ষ্টেচনসমূহত মুখত মাস্ক পিন্ধি শাৰীৰিক দূৰত্ব বজাই ৰাখি “ৰে’ল বচাওক-দেশ বচাওক” শ্লোগান দি হাতে হাতে প্লেকাৰ্ডলৈ প্ৰদশৰ্ন কৰিব।

ক’ৰনা ভাইৰাছৰ বাবে চলি থকা ল’কডাউনৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে যিসমূহ শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰি দেশৰ প্রতি অন্যায় সাধনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে -তাৰ বিৰুদ্ধে ব্যাপক আন্দোলন গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰিছে সৰ্বভাৰতীয় নেতাগৰাকীয়ে।

ইফালে ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি দাসগুপ্তাই কয়- “দেশত বৰ্তমান ১৩,৪৫২খন যাত্ৰীবাহী, ৯,১৪১ খন মালবাহী ৰে’ল চলাচল কৰি আছে। আৰু এই ৰে’লসমূহত সেৱা আগবঢ়াই আছে লাখ-লাখ ৰে’ল শ্ৰমিকে। দৈনিক প্ৰায় ২.৩০ কোটি যাত্ৰী কঢ়িওৱা ভাৰতীয় ৰে’ল পৰিবহণ সেৱা এচিয়াৰ ভিতৰতে বৃহত্তম চৰকাৰী খণ্ড যিটো দক্ষতাৰে পৰিচালনাৰ কৰি আহিছে ১.৪০ নিযুত বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীয়ে।”

উল্লেখ্য যে, ২০১৮-১৯ বিত্তীয় বৰ্ষত ৰে’লৱে ৬০১৪ কোটি টকা আয় কৰিবলৈ সক্ষম হৈছে। ৰে’ল যাতায়তৰ সেৱাত দেশৰ কোটি কোটি দুখীয়া শ্ৰেণী লোকৰ বাবে আটাইতকৈ কম খৰচী সেৱা। য’ত নেকি মাত্ৰ ১০ টকাতে প্ৰায় ৫০কিলোমিটাৰ দূৰত্বৰ যাত্ৰা অতিক্ৰম কৰিব পাৰে একোজন যাত্ৰীয়ে।

ইমানৰ পাছতো ৰে’লৱে খণ্ডক ব্যক্তিগত কোম্পানীৰ হাতত গটাই দিব ওলোৱা কাৰ্য অন্যায় আৰু জনবিৰোধী নীতি অভিহিত কৰিছে নেতাগৰাকীয়ে।

এই নীতিক প্ৰত্যাহাৰৰ দাবী জনাই গুপ্তাই লগতে কয় যে অন্যথা উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহে অধিক ক্ষতি সন্মুখীন হ’ব।

ৰে’লখণ্ডক ব্যক্তিগতকৰণ কৰাৰ ফলত যাত্ৰীৰ আৰু মালবস্তু ভাড়া অধিক বৃদ্ধি পাব। জনসাধাৰণৰ আৰ্থিক দিশটোতো প্ৰত্যক্ষ প্ৰভাৱ পেলাব।

“বয়বস্তুৰ দাম বাঢ়িব, চৰকাৰী নিযুক্তি সম্পূৰ্ণ বন্ধ হৈ যাব আৰু ঠিকাভিত্তিক নিযুক্তিৰে ব্যক্তিগত পুঁজিপতিয়ে শ্ৰমিকক শোষণ চলাব” দাস গুপ্তাই লগতে কয়।