NORTHEAST NOW (Assamese)
অসম

বন্যপ্ৰাণী ভক্ষণ বন্ধ নকৰিলে ভবিষ্যতে কোভিড-১৯ত কৈ ভয়াবহ মহামাৰীৰ সন্মুখিন হ’ব বিশ্ব : ৰাষ্ট্ৰ সংঘৰ প্ৰতিবেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 5:41 pm

মানুহে বন্যপ্ৰাণী ভক্ষণ বন্ধ নকৰিলে ভবিষ্যতে আৰু কোভিড-১৯ সদৃশ বা ইয়াতকৈ ভয়াবহ মহামাৰীৰ সন্মুখিন হ’বলাগিব বুলি ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে।

মানুহে বিভিন্ন বন্যপ্ৰাণী চিকাৰ কৰি ভক্ষণ কৰাৰ ফলত কোভিড-১৯ সদৃশ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ সম্ভাৱনা বৃদ্ধি পাইছে বুলিও প্ৰতিবাদেনখনত উল্লেখ কৰা হৈছে।

আনহাতে, কোভিড-১৯ য়ে প্ৰথম নহয় ইয়াৰ পূৰ্বে ইবোলা, চাৰ্চ, জিকা ভাইৰাছ আৰু বাৰ্ড ফ্লু আদি ৰোগো পশু-পক্ষীৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হৈছিল।

চীনৰ য়ুহান প্ৰদেশৰ পৰা সমগ্ৰ বিশ্বলৈ বিয়পি পৰা ক’ৰ’না ভাইৰাছৰ প্ৰথমে য়ুহানৰ এখন মাংসৰ বজাৰৰ পৰা মানুহৰ শৰীৰলৈ সংক্ৰমিত হৈছিল বুলি বিভিন্ন প্ৰতিবেদনত প্ৰকাশ পাইছিল।

চীনত ক’ৰ’নাৰ ভয়াবহ সংক্ৰমণৰ পাছতে য়ুহান প্ৰদেশৰ বিখ্যাত মাংসৰ বজাৰখন বন্ধ কৰি দিয়া হৈছিল।

উক্ত মাংসৰ বজাৰখনত বাদুলী, গাহৰি, সাপ, বিভিন্ন প্ৰজাতিৰ এন্দুৰ, নিগনী, ভেকুলী আদিও বিক্ৰী কৰা হৈছিল যাৰ পৰা এনেধৰণৰ ভাইৰাছৰ মানুহৰ শৰীৰলৈ সংক্ৰমিত হৈছিল বুলি বিভিন্ন পক্ষয় প্ৰশ্নৰ অৱতাৰণা কৰিছিল।