NORTHEAST NOW (Assamese)
Popular Stories

সাগৰত ডুবিল অৰ্ধ শতাধিক প্ৰবজনকাৰী কঢ়িয়াই অনা নাও : ৪ জন নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 16, 2022 12:24 pm

শুক্ৰবাৰে ব্ৰিটেইনৰ দক্ষিণ-পূব উপকূলত অৰ্ধশতাধিক প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা এখন নাও সাগৰৰ বুকুত ডুব যায়।  এই দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱা গৈছে। লগত ৪৩ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে।

আল জাজিৰাই জনোৱা মতে, মঙলবাৰে বিয়লি প্ৰায় ৩:৪০ বজাত ড’ভাৰৰ পৰা ৩০ মাইল পশ্চিমে ডাংগনেছৰ উপকূলত নাওখন ডুব যায়। এই খবৰ পোৱাৰ লগে লগে ব্ৰিটেইন আৰু ফ্ৰান্সৰ উদ্ধাৰকাৰী দলে লাইফবোট আৰু হেলিকপ্টাৰ লৈ সেই স্থানলৈ গমন কৰে। উদ্ধাৰকাৰী দলে দুয়োখন দেশৰ জলসীমাৰ মাজত অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ব্ৰিটিছ গৃহ সচিব ছুৱেলা ব্ৰেভাৰমেনকে ধৰি দেশৰ কেইবাগৰাকীও ৰাজনীতিবিদে শোক প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী ঋষি সুনকেও এই কৰুণ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে।

যোৱা শুকুৰবাৰৰ পৰা দেওবাৰৰ ভিতৰত প্ৰচণ্ড শীতৰ মাজতো ৪৬০ জন প্ৰব্ৰজনকাৰীয়ে ফ্ৰান্সৰ পৰা ব্ৰিটেইনলৈ সৰু সৰু নাৱেৰে যাত্ৰা কৰিছিল। ইংলিছ চেনেল পাৰ হৈ এইবেলি এনেদৰে ব্ৰিটেইনত উপস্থিত হৈছে প্ৰায় ৪৫ হাজাৰ প্ৰব্ৰজনকা