NORTHEAST NOW (Assamese)
অসম

এজন যোগ্য খেলুৱৈ হিচাপে বিশ্বকাপ জিকিছে মেছিয়ে; ক’লে কিংবদন্তি পেলেই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 19, 2022 2:10 pm

লিঅ’নেল মেছিয়ে তেওঁৰ কেৰিয়াৰৰ শেষৰ পিনে আহি প্ৰথম বিশ্বকাপ জিকিলে। এতিয়া সমগ্ৰ বিশ্বই মেছিৰ প্ৰশংসাত পঞ্চমুখ।

বিশ্বৰ বিভিন্ন দেশৰ ৰাষ্ট্ৰপ্ৰধানৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকলৈকে সকলোৱে শুভেচ্ছা জনাইছে মেছিক। এইবাৰ তাত যোগ দিলেব্ৰাজিলৰ কিংবদন্তী ফুটবলাৰ পেলেই।

লগতে পঢ়ক: সোণৰ বল জিকিলে মেছিয়ে,পৰাজিত হৈও সোণৰ বুটৰ গৰাকী এমবাপে; চাওক পুৰষ্কাৰৰ তালিকা

‘ক’লা মুকুতা’ বুলি জনাজাত তিনিবাৰৰ বিশ্বকাপ বিজয়ী পেলেই কয়, “মেছিৰ আৰ্জেণ্টিনাই যোগ্য হিচাপে বিশ্বকাপ জিকিছিল।‘’

তেওঁ ইনষ্টাগ্ৰামত লিখিছে, “আজি ফুটবলে ইয়াৰ কাহিনী কোৱা অব্যাহত ৰাখিব, সকলো সময়ৰ দৰেই ৰোমাঞ্চকৰ। মেছিয়ে তেওঁৰ প্ৰথম বিশ্বকাপ জিকিছে। তেওঁৰ কেৰিয়াৰ যিধৰণে চলি আছিল, তেওঁ ইয়াৰ যোগ্য আছিলেই।‘’

অৱশ্যে, পেলেই কেৱল মেছিৰ প্ৰশংসা কৰিয়েই ক্ষান্ত নাছিল। তেওঁ কেলিয়ান এমবাপেকো প্ৰশংসা কৰিছে। “মোৰ বন্ধু এমবাপে, তুমি ফাইনেলত চাৰিটা গ’ল কৰিছা। আমাৰ খেলটোৱেই এনেকুৱা কিছু অসাধাৰণ।‘’

লগতে পঢ়ক: সকলো যন্ত্ৰণা আজি শেষ! বিশ্বকাপ জয়ৰ পিছত নিজৰ অনুভৱ ব্যক্ত কৰি আৰু কি ক’লে মেছিয়ে?

তেওঁ লগতে মৰক্কোক অবিশ্বাস্য খেলি খেলি বিশ্বকাপত চতুৰ্থ স্থান লাভ কৰাৰ বাবেও অভিনন্দন জনায়। তেওঁ কয়, “আফ্ৰিকা জিলিকি উঠা দেখি বৰ ভাল লাগিছে।‘’