NORTHEAST NOW (Assamese)
উত্তৰ-পূব

চলিত বছৰত মণিপুৰত দ্ৰুত হাৰত বৃদ্ধি পাইছে যান বাহনৰ সংখ্যা

Posted by: সভাপতি চামম April 27, 2018 9:48 pm
efrotn___Chief-Minister-launches-inter-distric

মণিপুৰৰ পৰিবহন বিভাগৰ পৰা প্ৰকাশিত কাৰ্যকৰী যান বাহন প্ৰতিৱেদনত প্ৰকাশ যে ৰাজ্যখনত ২০১৭ চনৰ এপ্ৰিলৰ পৰা ডিচেম্বৰলৈকে ১৬,৪৫৪খন দুচকীয়া আৰু ৬,১৬৭খন চাৰিচকীয়া বাহনৰ বৃদ্ধি হৈছে।

জিলাসমূহৰ ভিতৰত চুৰাচান্দপুৰত অধিক সংখ্যক (৩,৯০০) আৰু সেনাপতি জিলাত (১১৯৩)খনচাৰিচকীয়া বাহনৰ বৃদ্ধি হৈছে।

ইয়াৰ ফলত ৰাজ্যখনৰ মুঠ চাৰিচকীয়া বাহনৰ সংখ্যা প্ৰায় ৪৪,১৩৩ খন আৰু মুঠ দুচকীয়াৰ সংখ্যা ২,৪৯,২০১ হৈছেগৈ।

ৰাজ্যিক পৰিবহন বিভাগৰ উপ সঞ্চালক ইলাংবামে কৈছে যে ৰাজ্যৰ জনসাধাৰণৰ পৰিবহনৰ সুবিধাৰ বাবে ১৫ মে’ৰ পৰা হেলিকপ্টাৰ পৰিসেৱা আৰম্ভ কৰা হ’ব।

পৰিবহন বিভাগে বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰ্যালয়ৰ সহযোগত ইম্ফল আন্তঃজাতিক বিমান বন্দৰ, জিৰি-টুপুৰ ৰেলপথ, আভ্যন্তৰিণ জলপৰিবহন প্ৰকল্পৰ বিকাশ আৰু সম্প্ৰসাৰণৰ কাম হাতত ল’ব।

১৪ বছৰ ধৰি নিষ্ক্ৰিয় হৈ থকাৰ পাছত এম এছ টিক পুৰন কাৰ্যক্ষম কৰাটো ডাঙৰ সফলতা বুলি বিভাগৰ বিশেষ কৰ্তব্যৰত বিষয়া ড০ পোলেম লেনিনে কয়। তেওঁৰ মতে ৰাজহুৱা বাছ সেৱাই বিভাগলৈ যথেষ্ট ৰাজহ উপাৰ্জন কৰি দিছে।