NORTHEAST NOW (Assamese)
অসম

প্ৰকৃতিৰ ৰোষ: কাছাৰত পাহাৰ খহি শ্ৰমিকৰ মৃত্যু, তিনিগৰাকী শ্ৰমিক আহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 25, 2022 8:10 pm
landslide in Cachar

বৰাক উপত্যকাৰ কাছাৰ জিলাত আজি সংঘটিত হৈছে এক ভয়াৱহ ভূমিস্খলন। জিলাখনৰ জিৰিঘাট অঞ্চলত এটা পাহাৰ খহি পৰাৰ ফলত প্ৰাণ হেৰুৱাইছে এগৰাকী শ্ৰমিকে।

এই শোকাৱহ ঘটনাত আন তিনিগৰাকী শ্ৰমিকো গুৰুতৰভাৱে আহত হয়। আনহাতে ঘটনাৰ পিছত এগৰাকী শ্ৰমিক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

স্খলনত নিহত ব্যক্তিগৰাকীৰ নাম ৰমেন দাস বুলি জানিব পৰা গৈছে। অঞ্চলটোত এটা ভৱনৰ ভেটিৰ বাবে মাটি খন্দা কামত নিয়োজিত হৈ আছিল শ্ৰমিক কেইগৰাকী।

শ্ৰমিকসকলে কাম কৰি থকাৰ সময়তে পাহাৰটোৰ এক অংশ তললৈ খহি পৰে আৰু খহি অহা মাটিয়ে মুহূৰ্ততে শ্ৰমিকসকলক পুতি পেলায়।

নিৰুদ্দেশ হোৱা শ্ৰমিকগৰাকী এগৰাকী মহিলা আছিল বুলি জানিব পৰা পৰা গৈছে। তেওঁক উদ্ধাৰৰ বাবে অনুসন্ধান অভিযান বৰ্তমান পৰ্যন্ত অব্যাহত আছে।

আনহাতে আহত শ্ৰমিক কেইগৰাকী বৰ্তমান স্থানীয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আটাইকেইগৰাকী শ্ৰমিকেই বৰ্তমান বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিয়ে।