NORTHEAST NOW (Assamese)
অসম

হোজাইৰ বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ৰাতিপুৱাই উৰিল আলফা(স্বা)ৰ পতাকা; আৰক্ষীৰ তৎপৰতা

Posted by: নিখিল মুন্দ্ৰা Updated by: নিখিল মুন্দ্ৰা November 28, 2019 3:46 pm
ULFA flag

হোজাই জিলাৰ কাকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত বৃহস্পতিবাৰে ৰাতিপুৱা নিষিদ্ধ ঘোষিত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ পতাকা উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।

স্থানীয় ৰাইজে বৃহস্পতিবাৰে ৰাতিপুৱা পতাকা খন দেখি আতংকিত হৈ পৰে আৰু ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ কৰে।

খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হয় আৰু পতাকাখন আতৰাই পেলায়।

হোজাই আৰক্ষী থানাৰ সহকাৰী আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তীয়ে সংবাদ মাধ্যমক আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত মানৱ জ্যোতি কলিতা (২০) নামৰ এজন আলফাৰ লিংক ম্যানক আটক কৰিছে বুলি জানিবলৈ দিয়ে।

সহকাৰী আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে, নিষিদ্ধ ঘোষিত সংগঠনৰ উদযাপিত প্ৰতিবাদী দিনৰ সময়তে আটক কৰা লিংক ম্যান গৰাকীয়ে বৃহস্পতিবাৰে ৰাতিপুৱা বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত আলফাৰ পাতাকাখন উত্তোলন কৰে।

আৰক্ষীয়ে আটক কৰা মানৱ জ্যোতি কলিতা ২নং বদমপুৰৰ ১ নং কাকীৰ প্ৰয়াত ধীৰেন কলিতাৰ পুত্ৰ।

সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে মানৱক সোধা-পোছ অব্যাহত ৰাখিছে।