NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

অব্যাহত ৰুছ-ইউক্ৰেইন যুদ্ধ: ৰাছিয়ান সামৰিক ঘাটিত ইউক্ৰেইনৰ ড্ৰ’ন আক্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 27, 2022 10:42 am
Russia-Ukraine war

অব্যাহত আছে দুই চুবুৰীয়া ৰাষ্ট্ৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ বিভীষিকা। কেইবামাহজোৰা এই যুদ্ধৰ অৱসানৰ বাবে বিশ্ব সম্প্ৰদায়ৰ আহ্বানক আওকাণ কৰি ৰুছ সেনাই আগ্ৰাসন বন্ধ নকৰাৰ সমান্তৰালভাৱে পিছ পৰি ৰোৱা নাই ইউক্ৰেইন সেনাও। এই আক্ৰমণ-প্ৰত্যাক্ৰমণৰ বিভীষিকাত প্ৰাণ হেৰুৱাইছে ইতিমধ্যে বিপুল সেনাৰ লগতে সাধাৰণ নাগৰিকেও। তাৰ পিছতো মাৰ যোৱা যুদ্ধৰ ঢৌ।

এই যুদ্ধৰ দাবানলৰ মাজতে সোমবাৰে মস্কোৱে দেশ দুখনৰ যৌথ সীমান্তৰ পৰা শ শ কিলোমিটাৰ দূৰত্বত থকা ৰাছিয়াৰ কৌশলগত বোমাৰু বিমানৰ সামৰিক ঘাটিত ইউক্ৰেইনৰ নতুন ড্ৰ’ন আক্ৰমণ বিফল কৰা বুলি দাবী কৰিছে। ৰুছ সেনাৰ কৌশলগত বিমানৰ ঘাটি এংগেলছত ইউক্ৰেইনৰ ড্ৰ’নখন ধ্বংস কৰা বুলি দাবী কৰিছে ৰাছিয়াই।

অৱশ্যে ধ্বংস হোৱা ড্ৰ’নখনৰ ধ্বংসাৱশেষ পৰি যোৱাৰ ফলত তিনিগৰাকী সেনা জোৱানৰ মৃত্যু হয় বুলি স্থানীয় কৰ্তৃপক্ষই সদৰী কৰিছে। এমাহৰ ভিতৰত এংগেলছ বিমানবন্দৰত এয়া ইউক্ৰেইনৰ দ্বিতীয়টো আক্ৰমণ। ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিতে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আন এক ইউক্ৰেইন ড্ৰ’ন আক্ৰমণৰ কথা সদৰী কৰিছিল।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ দাবী মতে ইউক্ৰেইনৰ সেই ড্ৰ’ন আক্ৰমণত এংগেলছকে ধৰি দুটা বিমানবন্দৰত বিস্ফোৰণ ঘটাইছিল আৰু তিনিগৰাকী লোকৰ মৃত্যু হৈছিল। মন্ত্ৰালয়ে লগতে ছোভিয়েট নিৰ্মিত ড্ৰ’নেৰেই বিমানবন্দৰসমূহত আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল বুলি দাবী কৰিছিল।

ইফালে কালিৰ ড্ৰ’ন আক্ৰমণৰ সমান্তৰালভাৱে ৰাছিয়াৰ নিৰাপত্তা সংস্থাই সীমান্ত অঞ্চলৰ মাজেৰে ৰাছিয়াত প্ৰৱেশ কৰাৰ চেষ্টা কৰা চাৰিগৰাকী ইউক্ৰেইন সেনাক হত্যা কৰা বুলি দাবী কৰিছে। ৰাছিয়াৰ এফ এছ বি নিৰাপত্তা সেৱাই সোমবাৰে দাবী কৰা মতে ইউক্ৰেইনৰ পৰা অহা সশস্ত্ৰ দলটোৱে ব্ৰাইয়ানস্ক অঞ্চলেৰে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে ৰুছ সেনাই হত্যা কৰে।

অৱশ্যে মস্কোৰ এই দাবী সন্দৰ্ভত বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই কিয়েভে।