NORTHEAST NOW (Assamese)
দেশ

অন্ত পৰিল অন্তৱৰ্তীকালীন জামিনৰ সীমা: পুনৰ কাৰাগাৰলৈ উভতিল ওমৰ খালিদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 31, 2022 4:57 pm
Umar Khalid

ভগ্নীৰ বিবাহৰ বাবে এসপ্তাহৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰা উত্তৰ-পূব দিল্লীৰ হিংসাত্মক কাণ্ডৰ প্ৰধান অভিযুক্ত ছাত্ৰ নেতা ওমৰ খালিদৰ জামিনৰ সীমা সমাপ্ত হৈছে। ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ছাত্ৰ নেতাগৰাকী পুনৰ আজি তিহাৰ কাৰাগাৰলৈ উভতি যায়।

যোৱা ২৩ ডিচেম্বৰত দিল্লীৰ আদালতে ৭ দিনৰ বাবে কাৰাগাৰৰ পৰা মুকলি কৰি দিছিল খালিদক। ৩০ ডিচেম্বৰত তেওঁক আত্মসমৰ্পণৰ নিৰ্দেশ দিছিল আদালতে। উমৰ খালিদৰ পিতৃয়ে এক টুইট যোগে ভগ্নীৰ বিয়াত অংশগ্ৰহণ কৰি খালিদ পুনৰ কাৰাগাৰলৈ উভযি যোৱাৰ কথা সদৰী কৰে।

 

খালিদক জামিন প্ৰদান কৰি আদালতে তেওঁক সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰাত বাধা আৰোপ কৰাৰ লগতে কোনো ধৰণৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্যৱহাৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰিছিল।

উল্লেখ্য যে খালিদক ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত সংঘটিত হোৱা দিল্লীৰ হিংসাত্মক কাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি অভিযোগ কৰা হৈছিল আৰু এই গোচৰত তেওঁৰ বিৰুদ্ধে অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA) আৰু ভাৰতীয় দণ্ডবিধিৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

নাগৰিকত্ব (সংশোধনী) আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত সংঘটিত এই হিংসাত্মক কাণ্ডৰ মূল অভিযুক্ত বুলি খালিদৰ ওপৰত অভিযোগ আৰোপ কৰি ২০২০ চনৰ ছেপ্টেম্বৰ মাহত দিল্লী আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

এই হিংসাত্মক কাণ্ডৰ সময়ত কৰ্তব্যৰত আৰক্ষী কৰ্মীলৈ শিলগুটি নিক্ষেপৰ অভিযোগ তুলি খালিদৰ বিপক্ষে আন এক গোচৰ আৰোপ কৰা হৈছিল। কিন্তু শেহতীয়াকৈ এই গোচৰত ছাত্ৰ নেতাগৰাকীক দোষমুক্ত ঘোষণা কৰিছিল আদালতে।

যোৱা ৩ ডিচেম্বৰত দিল্লীৰ আদালতে ওমৰ খালিদৰ লগতে খালিদ ছাইফী, তাৰিক মঈন ৰিজৱী, জাগৰ খান আৰু মহম্মদ ইলিয়াছক আদালতে দোষমুক্ত ঘোষণা কৰিছিল।