NORTHEAST NOW (Assamese)
Popular Stories

সন্তানক স্নেহ আলিংগন মাতৃৰ: সামাজিক মাধ্যমত আবেগৰ জোৱাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 31, 2022 7:57 pm
Video Of Mother Kangaroo Hugging Her Baby

এগৰাকী মাতৃৰ সন্তানৰ প্ৰতি থকা প্ৰেমে কোনো সীমা নাজানে। সন্তানৰ সৈতে মাতৃৰ থাকে এক ভাষাহীন বন্ধন। এয়া এক নিষ্কলুষ আবেগ আৰু অদম্য প্ৰেমৰ সম্বন্ধ। মাতৃ-সন্তানৰ বৰ্ণনাৰ উৰ্ধৰ এই চিৰ মহিমামণ্ডিত সম্বন্ধক পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱাইছে এক মাতৃ কেংগাৰু আৰু কেংগাৰুটিৰ এটি সৰু পোৱালিয়ে।

সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ’। এই ভিডিঅ’টো টুইটাৰযোগে শ্বেয়াৰ কৰিছে ভাৰতীয় প্ৰশাসনিক বিষয়া সুপ্ৰিয়া সাহুৱে। ভিডিঅ’টোত এক মাতৃ কেংগাৰু আৰু পোৱালি কেংগাৰুটিয়ে পৰস্পৰে পৰস্পৰক আলিংগন কৰি থকা দেখিবলৈ পোৱা গৈছে।

মাতৃৰ দেহত উবুৰি নিজকে সঁপি দিয়া সন্তানটিক চুমাৰে উপচাই পেলাইছে মাতৃয়ে। ভিডিঅ’টোত সন্তানটিৰ প্ৰতি মাতৃৰ এই মমতাময় ৰূপ স্পষ্টকৈ প্ৰতিফলিত হৈছে। এই মৰ্মস্পৰ্শী ভিডিঅ’টো প্ৰচাৰ হোৱাৰ পাছতে সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে বান্ধি ৰাখিব নোৱাৰে নিজৰ আবেগক।

মাতৃ-পুত্ৰৰ এই অপত্য স্নেহৰ মুহূৰ্তটি দৰ্শন কৰি শিহৰিত হৈ পৰা নেটিজেনে ভিডিঅ’টোৰ তলত উপচাই পেলাইছে বিভিন্ন আবেগিক মন্তব্য। চাওক এই বিশেষ ভিডিঅ’টো তথা নেটিজেনৰ আবেগ ভৰা মন্তব্য: