NORTHEAST NOW (Assamese)
Uncategorized

ছাউণ্ডক্লাউডৰ তালিকাৰ তৃতীয় স্থানত গুৱাহাটী ট্ৰিভাৰ্গ আৰাধনা

Posted by: এন ই নাও নিউজ April 28, 2018 12:28 pm
ten age music

গুৱাহাটী ট্ৰিভাৰ্গ আৰাধনাই ২০,০০ প্লে লাভ কৰি ছাউণ্ডক্লাউডৰ ডেন্স আৰু ইলেক্ট্ৰনিক ডেন্স মিউজিকৰ তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। ছাউণ্ডক্লাউড হৈছে এটা অনলাইন মিউজিক বিতৰণ প্লেটফৰ্মটো। ট্ৰিভাৰ্গে  ডেন্স আৰু ইলেক্ট্ৰনিক ডেন্স মিউজিক শাখাত এই গৈৰৱৰ অধিকাৰী হৈছে।

আন্তৰ্জাতিক তালিকাত কোনো উত্তৰ-পূৰ্বাঞ্চলৰ শিল্পীৰ ইলেক্ট্ৰনিক ডেন্স মিউজিক ট্ৰেকে শীৰ্ষস্থান লাভ কৰাটো এয়েই প্ৰথম।

মাত্ৰ ১০ দিনতেই ট্ৰিভাৰ্গৰ ‘মায়া’ই ২০,০০০ প্লে লাভ কৰিছে আৰু তৃতীয় স্থান লাভ কৰিছে। এই একেই তালিকাতেই ইলেক্ট্ৰনিক ডেন্স মিউজিক উদ্যোগৰ পৰিচিত নাম মাৰ্টিন গাৰিছো আছে।

উল্লেখ্য যে গাৰিছে ১৪ বছৰ বয়সৰ পৰাই সংগীত সৃষ্টি কৰি আহিছে আৰু এতিয়ালৈকে সৃষ্ট ১০ ট্ৰেকৰ মাথোঁ তিনিটাইহে শ্ৰোতাৰ পৰা বিপুল সমাদৰ লভ কৰিছে। আনহাতে ট্ৰিভাৰ্গে ২০১৭ চনত পেছাদাৰী ৰূপত আত্মপ্ৰকাশ কৰিছিল।

মাৰ্টিন গাৰিছৰ পূৰ্বৰ ট্ৰেক ‘মেইলিউৰ আমি’ আৰু ‘মহায়ুধে’ ছাউণ্ডক্লাউডত যথাক্ৰমে ১৬.১ হাজাৰ আৰু ২১.১ হাজাৰ প্লে লাভ কৰিছিল।

১৮ বছৰীয়া ট্ৰিভাগে চি বিএছ চিৰ দ্বিতীয় বৰ্ষৰ পৰীক্ষাৰ ফলাফললৈ বাট চাই আছেব আৰু তেওঁ সংগীত প্ৰযোজনাৰ কোনো পেছাদাৰী প্ৰশিক্ষণ গ্ৰহণ কৰা নাই