NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক : আজি কৃষক মুক্তিৰ বিশেষ আলোচনা সভা

Posted by: এন ই নাও নিউজ April 28, 2018 1:40 pm
Akhil-Gogoi-680x365

আজি গুৱাহাটীত অনুষ্ঠিত হ’ব নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ সন্দৰ্ভত এখন বিশেষ আলোচনা সভাৰ আয়োজন কৰা হৈছে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে।

অসমৰ মানৱতাবাদী, গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ নাগৰিকসকলে নাগৰিকত্ব (সংশোধনী) বিধেয়ক সন্দৰ্ভত ল’বলগীয়া অৱস্থান সন্দৰ্ভত  সংগঠনটোৰ স্থিতি ব্যাখ্যা কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে।

প্ৰথমতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বক্তব্য আগবঢ়োৱা হ’ব। তাৰ পাছতেই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বক্তব্যৰ সন্দৰ্ভত উপস্থিত থকা বিশিষ্ট নাগৰিকসকলৰ মতামত গ্ৰহণ কৰা হ’ব। এই গুৰুত্বপূৰ্ণ আৰু মননশীল আলোচনাত সকলো গণতান্ত্ৰিক নাগৰিকে উপস্থিত থাকিব পাৰিব।

এটা প্ৰেছ বিবৃতিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, ভাস্কো ডি শইকীয়া, সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰ আৰু মুকুট ডেকাই কয় যে বৰ্তমানৰ স্বৈৰাতান্ত্ৰিক আৰু সাম্প্ৰদায়িক পৰিস্থিতিত অসমৰ জাতি গঠন প্ৰক্ৰিয়া বিঘ্নিত নোহোৱাকৈ বিজেপি-আৰ এছ এছে সাম্প্ৰদায়িক চক্ৰান্তৰে জাপি দিয়া নাগৰিকত্ব (সংশোধনী) বিধেয়ক সন্দৰ্ভত এটা সুস্থ গণতান্ত্ৰিক অৱস্থানত উপনীত হ’বৰ বাবেই এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে।