NORTHEAST NOW (Assamese)
অসম

তামুলপুৰ নাগ্ৰীজুলিৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি পালন

Posted by: দীপক কুমাৰ পাঠক September 11, 2018 9:40 pm
তামুলপুৰ নাগ্ৰীজুলিৰ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি পালন

অসমৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিস্থিত ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰতো মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি।

তিৰোভাৱ তিথি উপলক্ষে ৰাতিপুৱা অঞ্চলটোৰ আই-মাতৃসকলে সত্ৰখনত উপস্থিত হৈ চাকি-বন্তি প্ৰজ্বলন কৰি গুৰুজনাৰ গুণানুকীৰ্তন কৰি নাম-প্ৰসংগ অনুষ্ঠিত কৰে। ভকতনীৰ নাম-কীৰ্তনৰ পিছত অনুষ্ঠিত হয় ভকতৰ নাম প্ৰসংগ।

কুমাৰীকাটা খৈৰাবাৰী শাখা সত্ৰৰ ভকত ঘনকান্ত দেউৰীৰ তত্বাৱধানত অনুষ্ঠিত নাম-প্ৰসংগৰে মুখৰিত হৈ পৰে নাগ্ৰীজুলি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰৰ চৌহদ।

হৰি-নাম কীৰ্তনৰ ধ্বনিৰে ভক্তি ৰসত বুৰ যায় নাগ্ৰীজুলিৰ আকাশ-বতাহ। দিনৰ ১-৩০ মিনিটলৈ নাম-প্ৰসংগ চলাৰ অন্তত স্থানীয় ভকত ধনজিৎ দাসে ভাগৱত পাঠ কৰে। ভাগৱত পাঠৰ অন্তত নির্মালী আৰু প্ৰসাদ বিতৰণেৰে অন্ত পৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি।